দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ
সোমবাৰে ৰাজধানীৰ দুখন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হয়। তথ্য লাভ কৰাৰ পিছতেই শিক্ষকে সকলো ছাত্ৰ- ছাত্ৰীক লগে লগে শ্ৰেণীকোঠা খালী কৰিবলৈ কয়।
এই দুয়োখন বিদ্যালয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছিল।তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।
জানিব পৰা মতে, সোমবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ মান বজাত চাণক্যপুৰীৰ নৌসেনা বিদ্যালয় আৰু দ্বাৰকাৰ চি আৰ পি এফ বিদ্যালয়ত মেইলৰ দ্বাৰা বোমাৰে উৰুৱাই দিয়াৰ ধমকি লাভ কৰে।
তাৰ পিছতেই দুয়োখন বিদ্যালয়ত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।সম্প্ৰতি দিল্লী আৰক্ষীৰ বোমা স্কোয়াড, ডগ স্কোয়াড, চাইবাৰ এক্সপাৰ্ট টিম আৰু বিশেষ কৰ্মচাৰীৰ দল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় দুখনৰ পৰা বৰ্তমান কোনো সন্দেহজনক বস্তু পোৱা নাই।
আৰক্ষীয়ে ইমেইলটো কোনটো আই পি ঠিকনাৰ পৰা প্ৰেৰণ কৰা হৈছে সেই বিষয়েও কৰি আছে, আৰু ইয়াৰ আঁৰত কোনোবাই ধেমালি কৰিছে নে সঁচাকৈয়ে কিবা ষড়যন্ত্ৰ আছে তাকো তদন্ত কৰি আছে।
লগতে পঢ়ক: ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন