ভূমিকম্পই কঁপালে দিল্লী-এন চি আৰ
দিল্লী-এন চি আৰত পুৱাই ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয় । বৃহস্পতিবাৰে পুৱা ৯:০৪ বজাত অনুভূত হয় এই ভূমিকম্প । ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৪ আছিল । দিল্লী, নয়ডা, গাজিয়াবাদত প্ৰায় ১০ ছেকেণ্ড ধৰি পৃথিৱী কঁপি থাকে । বৃহস্পতিবাৰে পুৱাৰে পৰা বৰষুণৰ মাজতে যেতিয়া দিল্লী-এন চি আৰত পুৱা প্ৰায় ৯:০৪ বজাত পৃথিৱী কঁপে, তেতিয়া জনতাৰ মাজত এক আতংকময় পৰিৱে্শৰ সৃষ্টি হয় । ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল আছিল যে অফিচত কাম কৰা লোক আৰু ঘৰত বহি থকা সকলেও অনুভৱ কৰিছিল । দিল্লীৰ পৰা ৫১ কিলোমিটাৰ দূৰত্বত হাৰিয়ানাৰ ঝজ্জাৰত ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বুলি জানিব পৰা গৈছে ।
দিল্লীৰ সমান্তৰালকৈ হাৰিয়ানাৰ কিছু জিলা যেনে ফৰিদাবাদ, গুৰুগ্ৰাম, জিন্দত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয় । এইবাৰ দিল্লীৰ খুব ওচৰৰ হাৰিয়ানাত আছিল কেন্দ্ৰবিন্দু । ভূমিকম্পৰ কেন্দ্ৰবিন্দু অতি ওচৰত থকাৰ বাবে দিল্লী-এন চি আৰত প্ৰবল কঁম্পন অনুভূত হয় ।
লগতে পঢ়ক : বায়ুসেনাৰ জাগুৱাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত; ধ্বংসাৱশেষত উদ্ধাৰ ২ জনৰ মৃতদেহ