আত্মঘাতী আক্ৰমণত নিহত ১৩ জোৱান
পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত শনিবাৰে সংঘটিত আত্মঘাতী আক্ৰমণত তেৰজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে ২৯ জন আহত হয় বুলি নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰিছে । প্ৰকাশিত খবৰ অনুসৰি শনিবাৰে পুৱা উত্তৰ ৱাজিৰস্তান জিলাৰ খাড্ডি অঞ্চলত বিস্ফোৰক ভৰ্তি বাহনে এখন এণ্টি বোমা ইউনিটৰ বাহনত খুন্দা মাৰে ।
এই ঘটনাত ১৩ জন জোৱানৰ মৃত্যু হয় । আহতসকলৰ ভিতৰত মহিলা আৰু শিশুসহ ১০ জন জোৱান আৰু ১৯ জন সাধাৰণ নাগৰিক আছে । আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক । বিশেষকৈ ৪ জন জোৱানৰ অৱস্থা সংকটজনক বুলি খবৰ প্ৰকাশ পাইছে । ইফালে বিস্ফোৰণৰ বাবে দুটা ঘৰৰ চাল ভাঙি পৰাত ৬টা শিশু আহত হয় ।
পাকিস্তান তালিবানৰ এটা ফৈদ হাফিজ গুল বাহাদুৰ সশস্ত্ৰ গোটৰ আত্মঘাতী বোমাৰু শাখাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । ২০২১ চনত কাবুলত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত পাকিস্তান- আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হিংসাত্মক পৰিস্থিতি তীব্ৰভাৱে বৃদ্ধি পাইছে আৰু ইছলামবাদে পশ্চিমৰ প্ৰতিবেশী দেশখনে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণৰ বাবে নিজৰ মাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে তালিবানে এই কথা অস্বীকাৰ কৰিছে ।
লগতে পঢ়ক : ‘সমৃদ্ধ ইউৰেনিয়াম ঘূৰাই দিয়ক বা অন্যথা…’;যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলক ধমক ইৰাণৰ