আত্মঘাতী আক্ৰমণত নিহত ১৩ জন সেনা জোৱান

আত্মঘাতী আক্ৰমণত নিহত ১৩ জোৱান; ২৯ জন আহত

আত্মঘাতী আক্ৰমণত নিহত ১৩ জোৱান পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত শনিবাৰে সংঘটিত আত্মঘাতী আক্ৰমণত তেৰজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে ২৯ জন আহত হয় বুলি নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰিছে । প্ৰকাশিত খবৰ অনুসৰি শনিবাৰে পুৱা উত্তৰ ৱাজিৰস্তান জিলাৰ খাড্ডি অঞ্চলত বিস্ফোৰক ভৰ্তি বাহনে এখন এণ্টি বোমা ইউনিটৰ

আত্মঘাতী আক্ৰমণত নিহত ১৩ জোৱান

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত শনিবাৰে সংঘটিত আত্মঘাতী আক্ৰমণত তেৰজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে ২৯ জন আহত হয় বুলি নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰিছে । প্ৰকাশিত খবৰ অনুসৰি  শনিবাৰে পুৱা উত্তৰ ৱাজিৰস্তান জিলাৰ খাড্ডি অঞ্চলত বিস্ফোৰক ভৰ্তি বাহনে এখন এণ্টি বোমা ইউনিটৰ বাহনত খুন্দা মাৰে ।

এই ঘটনাত ১৩ জন জোৱানৰ মৃত্যু হয় । আহতসকলৰ ভিতৰত মহিলা আৰু শিশুসহ ১০ জন জোৱান আৰু ১৯ জন সাধাৰণ নাগৰিক আছে । আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক । বিশেষকৈ ৪ জন জোৱানৰ অৱস্থা সংকটজনক বুলি খবৰ প্ৰকাশ পাইছে । ইফালে বিস্ফোৰণৰ বাবে দুটা ঘৰৰ চাল ভাঙি পৰাত ৬টা শিশু আহত হয় ।

পাকিস্তান তালিবানৰ এটা ফৈদ হাফিজ গুল বাহাদুৰ সশস্ত্ৰ গোটৰ আত্মঘাতী বোমাৰু শাখাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । ২০২১ চনত কাবুলত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত পাকিস্তান- আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হিংসাত্মক পৰিস্থিতি তীব্ৰভাৱে বৃদ্ধি পাইছে আৰু ইছলামবাদে পশ্চিমৰ প্ৰতিবেশী দেশখনে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণৰ বাবে নিজৰ মাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে তালিবানে এই কথা অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক : ‘সমৃদ্ধ ইউৰেনিয়াম ঘূৰাই দিয়ক বা অন্যথা…’;যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলক ধমক ইৰাণৰ

শেহতীয়া প্ৰৱন্ধসমূহ