অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী আক্ৰমণ; তিনি কামাণ্ডোৰ মৃত্যু
অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী আক্ৰমণ
সোমবাৰে পুৱা পাকিস্তানৰ পেছাৱৰত থকা অৰ্ধসামৰিক বাহিনীৰ সীমান্তৱৰ্তী কনষ্টেবলৰী (এফ চি)ৰ মুখ্য কাৰ্যালয়ত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । এফ চিৰ মুখ্য কাৰ্যালয়ত দুজনকৈ আত্মঘাতী বোমাৰুৱে এই আক্ৰমণ সংঘটিত কৰে । দুয়োপক্ষৰ মাজত গুলীবৰ্ষণৰ খবৰো প্ৰকাশ পাইছে । এই সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ তিনিজন কমাণ্ডো নিহত হোৱাৰ লগতে দুজন আহত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে ।
পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোক ঘেৰি ৰাখিছে আৰু অভিযান চলি আছে । বিষয়াসকলে এই কথা নিশ্চিত কৰিছে । পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা আৰক্ষীৰ মহাপৰিদৰ্শক জুলফিকাৰ হামীদে পাকিস্তানৰ সংবাদ মাধ্যমক দুটাকৈ আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱা বুলি কয় । মূল গেটত এটা বিস্ফোৰণ ঘটে । দ্বিতীয়টো বিস্ফোৰণ হৈছিল মুখ্য কাৰ্যালয় কমপ্লেক্সৰ মটৰ চাইকেল ষ্টেণ্ডৰ ওচৰত ।
মটৰ চাইকেল ষ্টেণ্ডটো অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ৰ চৌহদত অৱস্থিত । পেছাৱৰ আক্ৰমণৰ চিচিটিভি ফুটেজো প্ৰকাশ পাইছে ।
লগতে পঢ়ক : মদিনাত সম্পূৰ্ণ ৰীতি-নীতিৰে সমাধিস্থ দুৰ্ঘটনাত নিহত ভাৰতীয় তীৰ্থযাত্ৰীৰ