৫০ বছৰ পূৰ্বে আজিৰ দিনটোতে জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছিল দেশ
১৯৭৫ চনৰ ২৫ জুনৰ মাজ নিশাৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে (২১ মাহ) তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল । আজি এই জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ সম্পূৰ্ণ হ’ল । তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠিত চৰকাৰৰ পৰামৰ্শ মতে ভাৰতীয় সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ।
জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বিজেপিয়ে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰিছে । ইয়াৰ লগতে বিৰোধী দলৰ বিৰুদ্ধে গণতন্ত্ৰক হত্যা কৰি বাৰে বাৰে ক্ষতি কৰাৰ অভিযোগো উত্থাপন কৰিছে । বিজেপিৰ সভাপতি জে পি নাড্ডাই জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি কংগ্ৰেছক আক্ৰমণ কৰে । তেওঁ কয় যে আজি ভাৰতীয় গণতন্ত্ৰ ৰক্ষা কৰা বুলি দাবী কৰাসকলে সাংবিধানিক মূল্যবোধ ৰক্ষাৰ বাবে উত্থাপিত কণ্ঠক দমন কৰাৰ কোনো সুযোগ এৰি থৈ যোৱা নাই । বিজেপিয়ে জৰুৰীকালীন অৱস্থাক ভাৰতীয় গণতন্ত্ৰৰ ক’লা অধ্যায় বুলি অভিহিত কৰিছে ।
বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক সংবিধানৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে বিজেপিয়ে জৰুৰীকালীন বিষয়টো উত্থাপন কৰে । প্ৰধানমন্ত্ৰী মোদীৰ বাহিৰেও বিজেপিৰ সকলো শীৰ্ষ নেতাই জৰুৰীকালীন অৱস্থাক সমালোচনা কৰিছে ।
জৰুৰীকালীন সময়ত নাগৰিকৰ মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল । বাক স্বাধীনতা কাঢ়ি লোৱা হ’ল । সংবাদ মাধ্যমৰ ওপৰত চেন্সৰশ্বিপ জাপি দিয়া হৈছিল । বাতৰি কাকতত প্ৰকাশ পোৱা প্ৰতিটো বাতৰি চৰকাৰী চেন্সৰৰ অনুমোদন ল’ব লাগিছিল । বহু সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগতে বাতৰি কাকতৰ কাৰ্যালয়ত তলা লগোৱা হৈছিল ।
বিৰোধী দলৰ নেতা জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী, জৰ্জ ফাৰ্নাণ্ডেছক নিশাৰ ভিতৰতে কাৰাবন্দী কৰি ৰখা হয় । জেলবোৰ ইমানেই ভৰি আছিল যে ঠাইৰ অভাৱ হৈছিল । সাংবাদিক, সাহিত্যিক আনকি শিল্পীকো ৰেহাই দিয়া হোৱা নাছিল । সেই সময়ৰ সকলো বিখ্যাত ব্যক্তি দমনৰ বলি হ’বলগীয়া হৈছিল আৰু জৰুৰীকালীন অৱস্থাৰ বোজা বহন কৰিবলগীয়া হৈছিল ।
কি পৰিস্থিতিত জাপি দিয়া হৈছিল জৰুৰীকালীন অৱস্থা ?
জৰুৰীকালীন অৱস্থাৰ মূল কাৰণ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বুলি কোৱা হৈছিল । সেই সিদ্ধান্তত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিৰ্বাচনী প্ৰচাৰত অসৎ আচৰণৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । আচলতে ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে বৃহৎ ব্যৱধানত জয়ী হৈছিল । তেওঁ দলক ডাঙৰ জয় উপহাৰ দিছিল । ইন্দিৰাৰ জয়ক লৈ প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিছিল প্ৰতিদ্বন্দ্বী ৰাজ নাৰায়ণ । ৰাজ নাৰায়ণে তেওঁৰ আবেদনত অভিযোগ কৰিছিল যে ইন্দিৰা গান্ধীয়ে অন্যায় উপায়েৰে নিৰ্বাচনত জয়ী হৈছিল । গোচৰৰ শুনানি গ্ৰহণ কৰি ইন্দিৰা গান্ধীৰ নিৰ্বাচন বাতিল কৰা হয় ।
ইন্দিৰা গান্ধী চৰকাৰে লোৱা এই পদক্ষেপেই দেশৰ বহু ঐতিহাসিক ঘটনাৰ কাৰণ হৈ পৰিল । স্বাধীন ভাৰতৰ ইতিহাসত এই সময় আছিল আটাইতকৈ বিতৰ্কিত সময় । ১৯৭৫ চনৰ ২৫ জুনত ঘোষণাৰ পিছত ভাৰতত ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে প্ৰায় ২১ মাহ জৰুৰীকালীন অৱস্থা বলবৎ আছিল ।
লগতে পঢ়ক : ‘কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে’; জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে