ইতিহাস ৰচিবলৈ সাজু শুভাংশু শুক্লা
বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন তথা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আজি অৰ্থাৎ বুধবাৰে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৪১ বছৰ পূৰ্বে একেৰাহে আঠ দিন পৃথিৱীক প্ৰদক্ষিণ কৰা ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা তেওঁ দ্বিতীয়জন ভাৰতীয় হ’ব । ইয়াৰ পূৰ্বে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই মঙলবাৰে ঘোষণা কৰিছিল যে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নব লগা এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ২৫ জুনত হ’ব ।
নাছাই জনোৱা মতে, বুধবাৰে পুৱা এক্সিয়াম স্পেচ আৰু স্পেচএক্সে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ দিন ধাৰ্য কৰিছে । নাছাই জনোৱা মতে, ২৬ জুনত পুৱা প্ৰায় ৭ বজা (ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাত) ডকিংৰ সময় হ’ব । এই অভিযান ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ বাণিজ্যিক অভিযানৰ নেতৃত্বত আছে কমাণ্ডাৰ পেগী হুইটছন, মিছনৰ পাইলট হিচাপে আছে ভাৰতৰ শুভাংশু শুক্লা । ইয়াৰ পূৰ্বেও এই অভিযানৰ উৎক্ষেপণ কেইবাবাৰো পিছুৱাই দিয়া হৈছিল । ইয়াৰ পূৰ্বে ২৯ মে’ত এই অভিযান উৎক্ষেপণ হ’ব লাগিছিল যদিও কাৰিকৰী অসুবিধাৰ বাবে পিছুৱাই দিয়া হৈছিল ।
কেতিয়া আৰু কিয় পিছুৱাই দিয়া হৈছিল এই অভিযান ?
এই অভিযানৰ বাবে যোৱা মাহৰ পৰা প্ৰস্তুতি চলি আছে । কিন্তু কাৰিকৰী ত্ৰুটিৰ বাবে ইয়াৰ উৎক্ষেপণ পিছুৱাই গৈ থাকিল । ২৯ মে’ৰ পিছত ৮, ১০ আৰু ১১ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও স্পেচএক্সৰ ফেলকন-৯ ৰকেটত ইন্ধন নিৰ্গত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ৰাছিয়াৰ অংশত লিকেজ হোৱাৰ বাবে এই অভিযান পিছুৱাই দিবলগীয়া হৈছিল । ইয়াৰ পিছত ১৯ জুনত আৰু তাৰ পিছত ২২ জুনত ইয়াক উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল যদিও নাছাই আই এছ এছত মেৰামতিৰ কামৰ পিছত ব্যৱস্থাটো পৰীক্ষা কৰাৰ অভিযান বৃদ্ধি কৰে ।
স্পেচএক্সে দিলে এই তথ্য-
ইফালে স্পেচএক্সে প্ৰকাশ কৰা অনুসৰি এই অভিযান উৎক্ষেপণৰ বাবে বতৰ অনুকূল দেখা গৈছে আৰু সকলো ব্যৱস্থাই ভালদৰে কাম কৰি আছে । স্পেচএক্সে এক্সত এটা পোষ্টত কয় যে বুধবাৰে এক্সিয়াম স্পেচৰ এক্স-৪ মিছনৰ উৎক্ষেপণৰ বাবে সকলো চিষ্টেম ভাল দেখা গৈছে । ইয়াৰ বাহিৰেও উৎক্ষেপণৰ বাবে বতৰ ৯০% অনুকূল ।
লগতে পঢ়ক : ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহাকাশ যাত্ৰী ! ২০২৯ত মহাকাশলৈ ২৩ বছৰীয়া জাহ্নৱী