প্ৰেমিকা গৌৰীৰ হাতত হাত থৈ আমিৰ খান
আমিৰ খানৰ বহু প্ৰত্যাশিত বৰ্ষৰ চিনেমা ‘সীতাৰে জমীন পাৰ’ অৱশেষত আজি অৰ্থাৎ ২০ জুনত ছবিগৃহত মুক্তি পালে।
ইয়াৰ পূৰ্বে বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্টে মুম্বাইত তেওঁৰ ছবিখনৰ এক গ্ৰেণ্ড স্ক্ৰীনিং আয়োজন কৰিছিল, য’ত এনে লাগিছিল যেন বি-টাউনৰ সকলো তাৰকা পৃথিৱীলৈ নামি আহিছে।
শ্বাহৰুখ খান, ছলমান খান, বিকি কৌশল, প্ৰবীণ অভিনেত্ৰী ৰেখাকে ধৰি বহু তাৰকাই তিনি বছৰৰ মূৰত আমিৰক ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তনৰ সমৰ্থনত ‘সীতাৰে জামিন পাৰ’ৰ প্ৰিমিয়াৰ নাইটত উপস্থিত হয়।
প্ৰেমিকা গৌৰী আৰু পুত্ৰৰ সৈতে পোজ আমিৰ খানৰ
আমিৰ খান তেওঁৰ ছবিখনৰ প্ৰদৰ্শনীত গ্ৰেণ্ড ষ্টাইলত উপস্থিত হয়।বগা ৰঙৰ শ্বেৰৱানী পিন্ধি ছুপাৰষ্টাৰগৰাকীক অতি সুন্দৰ দেখা গৈছিল।আমিৰ খানৰ প্ৰেমিকা গৌৰী স্প্ৰেটেও এখন শাৰী পিন্ধি স্ক্ৰীনিঙত উপস্থিত হয়।
এই সময়ছোৱাত আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল মিষ্টাৰ পাৰফেকচনিষ্টে প্ৰেয়সী গৌৰীৰ হাতত হাত থৈ সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবে প’জ দিয়ে।পুত্ৰ আজাদ আৰু প্ৰেমিকা গৌৰীৰ সৈতে বহু ছবি ক্লিক কৰিছিল অভিনেতাজনে।
প্ৰিমিয়াৰত উপস্থিত শ্বাহৰুখ-ছলমান খান
শ্বাহৰুখ খানে ছবি প্ৰদৰ্শনত খুব কমেইহে উপস্থিত থাকে যদিও তিনি বছৰৰ পাছত তেওঁৰ বন্ধু আমিৰ খানৰ ডাঙৰ পৰ্দাত প্ৰত্যাৱৰ্তনৰ সমৰ্থনত কিং খানক ‘সীতাৰ জমীন পাৰ’ৰ প্ৰিমিয়াৰ নাইটতো দেখা গৈছিল।
শ্বাহৰুখ খানক ক’লা জেকেট, কাৰ্গো জিন্স আৰু ছানগ্লাছ পিন্ধি কেজুৱেল লুকত দেখা গৈছিল। এই সময়ছোৱাত কিং খানেও ছবিখনৰ অভিনেতাসকলৰ সৈতে বহু কথা পাতিছিল।
ছলমান খানেও সম্পূৰ্ণ নিৰাপত্তাৰ সৈতে ‘সীতাৰে জামিন পাৰ’ৰ প্ৰদৰ্শনীত উপস্থিত হয়। অল ব্লেক লুকত ছলমান খানক যথেষ্ট ডেছিং দেখা গৈছিল।
এই সময়ছোৱাত আমিৰ খানৰ লগতে পেপছক ছলমান খানে বহুত প’জ দিছিল। বলীউডৰ ভাইজানেও আমিৰ খানৰ সৈতে বহুত মজা কৰিছিল।
তেওঁ লগতে ধেমালিতে কয় যে ‘সীতাৰে জমীন পাৰ’ প্ৰথমে তেওঁক আমিৰে আগবঢ়াইছিল, তাৰ পিছত অভিনেতাজনে নিজেই এই ছবিখন কৰিছিল। ছলমান খানে শ্বাহৰুখ খানৰ সৈতে আনন্দ কৰি থকা এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ইয়াৰ উপৰিও বিকি কৌশল, তামান্না ভাটিয়া, জেনেলিয়া ডিসুজা, ৰিতেশ দেশমুখ, অভিনেত্ৰী ৰেখা, মোনা সিং, জিতেন্দ্ৰ, তুষাৰ কাপুৰ, জেকি শ্ৰফ আৰু টাইগাৰ শ্ৰফ, ৰাকেশ ৰোশন, হিমেশ ৰেশমীয়া, ৰিয়া চক্ৰৱৰ্তীৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
লগতে পঢ়ক: যুদ্ধৰ টেংকত থিয় হৈ অজয় দেৱগানে কৰিলে ঘোষণা; শীঘ্ৰেই মুক্তি পাব ‘ছন অফ চৰ্দাৰ ২’