যুদ্ধবিৰতি বিবাদৰ পিছত কাইলৈ একেখন মঞ্চত ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদী
কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ পৰা কানাডালৈ ৰাওনা হয় । অপাৰেচন সিন্দুৰৰ পিছত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বিদেশ ভ্ৰমণ, য’ত তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে মত বিনিময় কৰিব । এই সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনো কানাডাত উপস্থিত হৈছে ।
একেখন মঞ্চতে মোদী-ট্ৰাম্প
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬-১৭ জুনত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব । এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব আৰু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । কিন্তু বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো নিশ্চিত তথ্য দিয়া নাই । কিন্তু তথাপিও অপাৰেচন সিন্দুৰৰ পিছত ভাৰত আৰু আমেৰিকাৰ মাজত পৰিৱৰ্তিত পৰিবৰ্তনত দুয়োগৰাকী নেতাৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে ।
ৰাষ্ট্ৰপতি ট্ৰাম্পে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মধ্যস্থতাকাৰী বুলি দাবী কৰিছিল আৰু যুদ্ধবিৰতিৰ কৃতিত্ব লৈছিল । পাকিস্তানেও ট্ৰাম্পৰ এই পদক্ষেপক আদৰণি জনাইছিল । কিন্তু ভাৰতে কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নাকচ কৰিছিল । ভাৰতে কৈছিল যে পাকিস্তানৰ অনুৰোধৰ পিছতে ভাৰতে যুদ্ধবিৰতিত সন্মতি দিছিল । বিশেষ কথাটো হ’ল ভাৰতৰ কোনো আনুষ্ঠানিক বিবৃতিৰ পূৰ্বেই ট্ৰাম্পে ছ’চিয়েল মিডিয়াত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছিল ।
ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পৰ বাক্যবাণ এতিয়াও অব্যাহত আছে । ইজৰাইল আৰু ইৰাণৰ উত্তেজনাৰ মাজতো তেওঁ এই বক্তব্য পুনৰবাৰ উল্লেখ কৰি কয় যে ভাৰত-পাকিস্তানৰ মাজত যেনেকৈ যুদ্ধবিৰতি আনিছিল, ঠিক তেনেদৰে ইজৰাইল-ইৰাণৰ মাজতো যুদ্ধবিৰতি আনিব । ট্ৰাম্পে দাবী কৰে যে তেওঁ ব্যৱসায়ৰ হেঁচা দি ভাৰত আৰু পাকিস্তানক যুদ্ধবিৰতিৰ বাবে পতিয়ন নিয়াইছিল ।
এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ দৰে বিশ্বব্যাপী মঞ্চত বিশ্বৰ সন্মুখত যুদ্ধবিৰতিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি দাঙি ধৰিব পাৰে । লগতে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আৰু পাকিস্তানৰ ছাঁয়া যুদ্ধৰ কথাও তেওঁ উল্লেখ কৰিব পাৰে । ভাৰতে স্পষ্ট কৰি দিছে যে ভৱিষ্যতে যদি কোনো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, তেন্তে তাৰ বাবে পাকিস্তানী সেনা পোনপটীয়াকৈ জগৰীয়া হ’ব । লগতে ভাৰতে এতিয়া ইয়াক ছাঁয়া যুদ্ধ নহয় যুদ্ধ বুলি গণ্য কৰিব আৰু সেই অনুসৰি ইয়াৰ প্ৰতি প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কৈছে ।
লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে ‘এয়া যুদ্ধৰ যুগ নহয়…’