১৫ বছৰৰ পাছত এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ১৪ জুন শনিবাৰে ২০২৬ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া হোৱাইট বল শৃংখলাৰ সময়সূচী ঘোষণা কৰে । এই শৃংখলাত প্ৰথমে দুয়োটা দলৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দুয়োটা দলে পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজ খেলিব । ২০২৬ বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই এদিনীয়া শৃংখলা । বদোদৰাত এই দুয়োটা দলৰ মাজত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব । ভাৰতীয় পুৰুষ দলটোৱে ইয়াত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ সাজু হৈছে ।
১৫ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত বদোদৰাত অনুষ্ঠিত হ’বলৈ গৈ আছে প্ৰথম পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ । ইয়াৰ পূৰ্বে কোটাম্বি ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মহিলাৰ এদিনীয়া খেল অনুষ্ঠিত হৈছে । এই শৃংখলা ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল । কেৱল এয়াই নহয়, মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬খন খেলো ইয়াত আয়োজন কৰা হৈছিল ।
নিউজীলেণ্ড আৰু ভাৰতৰ মাজত অন্তিমখন পুৰুষ আন্তঃৰাষ্ট্ৰীয় মেচ ২০১০ চনৰ ডিচেম্বৰ মাহত বাদোদৰাৰ ৰিলায়েন্স ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । এই মেচখনত টিম ইণ্ডিয়াৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আছিল শ্ৰেষ্ঠ খেলুৱৈ । সেই মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে গৌতম গম্ভীয়ে শতক অৰ্জন কৰিছিল । গৌতম গম্ভীৰৰ বাহিৰেও বিৰাট কোহলীয়ে ৬৩ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ।
এই মেচখন সকলো অনুৰাগীৰ বাবে অতি স্মৰণীয় হ’ব কাৰণ ১৫ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত বদোদৰাত পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ১৪ জানুৱাৰীত ৰাজকোটত এই দুয়োটা দলৰ মাজত দ্বিতীয়খন এদিনীয়া খেল অনুষ্ঠিত হ’ব, আনহাতে ১৮ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব তৃতীয় আৰু অন্তিমখন এদিনীয়া মেচ ।
লগতে পঢ়ক : IND Vs NZ : বি চি চি আইয়ে ঘোষণা কৰিলে সূচী; ১১ৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ৮খন মেচ