ছলমান খানৰ নিৰাপত্তা
ছলমান খানৰ নিৰাপত্তাক লৈ পুনৰ খেলিমেলি হোৱাৰ খবৰ পোৱা গৈছে। শেহতীয়াকৈ বুধবাৰে ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সি এপাৰ্টমেন্টত এগৰাকী মহিলাই বিনা অনুমতিত প্ৰৱেশ কৰে।
অচিনাকি মহিলা গৰাকীয়ে গেলেক্সি এপাৰ্টমেন্টত অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অবৈধ বেদখলৰ গোচৰ ৰুজু কৰা হৈছে।
মহিলাগৰাকী ৩৬ বছৰীয়া ঈশা ছাব্ৰা বুলি জানিব পৰা গৈছে। ছলমান খানৰ নিৰাপত্তা ভংগৰ এয়া দ্বিতীয়টো ঘটনা। তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষী জোৱান নিয়োজিত হৈ আছে।
কিন্তু এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এগৰাকী অচিনাকি মহিলা ছলমানৰ ঘৰত উপস্থিত হোৱাটো চিন্তাৰ বিষয়।
বৰ্তমান আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁৰ এই কাম কৰাৰ আঁৰত কি উদ্দেশ্য আছিল। ছলমান খানে পূৰ্বে বহুবাৰ লৰেঞ্চ বিষ্ণৈৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে।
ছলমান খানৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।এই ঘটনাৰ পিছতে ছলমান খানৰ নিৰাপত্তা পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক; পৰেশ ৰাৱালৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু অক্ষয় কুমাৰৰ; প্ৰেৰণ কৰিছে আইনী জাননী