ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬২ সংখ্যক মেচত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে । এই ছিজনত ৰাজস্থান ৰয়েলছৰ এইখন অন্তিমখন মেচ আছিল, য’ত তেওঁলোকে শক্তিশালী ৰূপত জয়লাভ কৰি চলিত সংস্কৰণৰ পৰা বিদায় লয় । মাত্ৰ ১৭.১ অভাৰতে ৰাজস্থানে চেন্নাইয়ে দিয়া ১৮৮ ৰানৰ লক্ষ্যত উপনীত হয় ।
ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে ইনিংছ আৰম্ভ কৰে । দুয়োজনে আক্ৰমণাত্মকভাৱে ৰান সংগ্ৰহ কৰে । যশস্বীয়ে ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে, য’ত ৫টা চাৰি আৰু দুটা ছয় আছিল । তেওঁক পেভিলিয়নৰ বাট দেখুৱাই অংশুল কাম্বোজে । ইয়াৰ পিছতে অধিনায়ক সঞ্জু চেমচনৰ সৈতে বৈভৱ সূৰ্যবংশীয়ে ইনিংছ চম্ভালে । দুয়োজনে একেলগে ১০ অভাৰত দলৰ স্ক’ৰ ৯৫ ৰানৰ ওপৰলৈ লৈ যায় ।
বৈভৱ সূৰ্য্যবংশীয়ে বিস্ফোৰক বেটিং কৰি মাত্ৰ ২৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । তেওঁ চাৰিটা চাৰি আৰু চাৰিটা ৬ কোবাই মুঠ ৫৭ ৰান সংগ্ৰহ কৰে । ১৪ নং অভাৰত তেওঁ আউট হয় । সঞ্জু চেমছনেও ৪১ ৰানৰ বৰঙণি আগবঢ়ায় ।
শীৰ্ষ অৰ্ডাৰ আউট হোৱাৰ পিছত ধ্ৰুৱ জুৰেল আৰু শ্বিমৰন হেটমায়াৰে দায়িত্ব লয় আৰু সংযমেৰে বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ১৮ অভাৰৰ প্ৰথমটো বলত ৰাজস্থানে লক্ষ্য অৰ্জন কৰে । এই জয়ৰ লগে লগে ৰাজস্থান পইণ্ট তালিকাৰ নৱম স্থানত থকাৰ বিপৰীতে চেন্নাই অন্তিম স্থানত উপনীত হয় । চেন্নাইৰ বাবে এতিয়াও এখন মেচ বাকী আছে ।
ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । চেন্নাই ছুপাৰ কিংছৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰতে যুধবীৰ সিঙে ডেভন কনৱে আৰু উৰভিল পেটেলক আউট কৰাত চেন্নাই আগতীয়াকৈ বিপৰ্যয়ৰ সন্মুখীন হয় । অৱশ্যে আয়ুষ ম্হাত্ৰেই আক্ৰমণাত্মক বেটিং কৰি ২০টা বলত ৪৩ ৰান সংগ্ৰহ কৰে যদিও ষষ্ঠ অভাৰত তেওঁ আউট হয় ।
ৰবিচন্দ্ৰন অশ্বিন (১৩ ৰান) আৰু ৰবীন্দ্ৰ জাডেজা (১ ৰান)ও আগতীয়াকৈ পেভিলিয়নলৈ উভতি আহে । ইয়াৰ পিছতে ব্ৰেভিছ আৰু শিৱম ডুবেই ইনিংছৰ দায়িত্ব লয় আৰু দুয়োজনে ৫৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ব্ৰেভিছে ৪২ ৰান কৰাৰ বিপৰীতে ডুবেই ৩৯ ৰান সংগ্ৰহ কৰে ।
অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ধৈৰ্য্যৰে বেটিং কৰি টি-২০ কেৰিয়াৰৰ ৩৫০ সংখ্যক ছয়কে ধৰি ১৬ ৰান সংগ্ৰহ কৰে যদিও অন্তিম অভাৰত আউট হয় । চেন্নাইয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৮৭ ৰান সংগ্ৰহ কৰে ।
ৰাজস্থান প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে যদিও এই জয়ৰ সৈতে দলটোৱে চলিত ছিজনৰ অন্ত পেলায় । একে সময়তে চেন্নাই ছুপাৰ কিংছৰ হাতত এতিয়া মাত্ৰ এখন মেচ বাকী আছে, য’ত তেওঁলোকে নিজৰ সন্মান ৰক্ষাৰ চেষ্টা কৰিব ।