উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...

উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিলে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

যোৱা মাহত উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছিল । তামিলনাডুৰ ৰাজ্যপালৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যপালে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ উত্তৰত তেওঁ উচ্চতম ন্যায়ালয়ক

যোৱা মাহত উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছিল । তামিলনাডুৰ ৰাজ্যপালৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যপালে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ উত্তৰত তেওঁ উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিছে । এই প্ৰশ্নসমূহ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ সৈতে জড়িত ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত সোধা প্ৰশ্নসমূহ সংবিধানৰ ২০০, ২০১, ৩৬১, ১৪৩, ১৪২, ১৪৫(৩) আৰু ১৩১ নং অনুচ্ছেদৰ সৈতে জড়িত । ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰিছে যে যেতিয়া ৰাজ্যপালৰ ওচৰলৈ কোনো বিধেয়ক আহে তেতিয়া ৰাজ্যপালৰ হাতত কি বিকল্প থাকে আৰু ৰাজ্যপালগৰাকীয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নেকি ? একেদৰে ৰাষ্ট্ৰপতিগৰাকীয়ে মুঠ ১৪টা প্ৰশ্ন কৰিছে ।

এই বিষয়টো আৰম্ভ হৈছিল তামিলনাডুৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদৰ পিছত । ৰাজ্য চৰকাৰৰ বিল ৰাখি দিছিল ৰাজ্যপালে । ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাজ্যপালৰ কোনো ভেটো ক্ষমতা নাই । ৰাজ্যপালে প্ৰেৰণ কৰা বিধেয়কখনৰ সন্দৰ্ভত ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’ব লাগিব বুলি আদালতে জানিবলৈ দিয়ে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে এই প্ৰশ্নসমূহ উচ্চতম ন্যায়ালয়ক সুধিছে-

-বিধেয়ক অহাৰ পিছত ৰাজ্যপালৰ হাতত কি কি সাংবিধানিক বিকল্প আছে ?

-সিদ্ধান্ত লোৱাৰ সময়ত ৰাজ্যপালে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নেকি ?

-ৰাজ্যপালৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে

-৩৬১ নং অনুচ্ছেদে ৰাজ্যপালৰ সিদ্ধান্তৰ ন্যায়িক পৰ্যালোচনাত বাধা দিব পাৰিবনে ?

-সংবিধানত যদি ৰাজ্যপালৰ কোনো সময়সীমা নাই তেন্তে আদালতে সিদ্ধান্ত ল’ব পাৰিবনে ?

-ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে ?

-আদালতে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰিবনে ?

-ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাটো বাধ্যতামূলক নেকি ?

-১৪২ নং অনুচ্ছেদৰ সৈতে জড়িত এটা প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰে যে ১৪২ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ সাংবিধানিক কাৰ্য্য আৰু আদেশ সলনি কৰিব পাৰি নেকি ?

শেহতীয়া প্ৰৱন্ধসমূহ