আমেৰিকা আৰু চৌদি আৰৱৰ মাজত সম্পন্ন হ’ল সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি...

আমেৰিকা আৰু চৌদি আৰৱৰ মাজত সম্পন্ন হ’ল সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি… ১৪২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰিত

আমেৰিকা আৰু চৌদি আৰবে প্ৰায় ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে । এই বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে তথ্য দিছে হোৱাইট হাউছে । উপসাগৰীয় দেশখন ভ্ৰমণ আৰম্ভ কৰাৰ সময়তে মঙলবাৰে ছৌদি আৰৱৰ সৈতে কৌশলগত অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ছৌদি চৰকাৰে

আমেৰিকা আৰু চৌদি আৰবে প্ৰায় ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে । এই বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে তথ্য দিছে হোৱাইট হাউছে । উপসাগৰীয় দেশখন ভ্ৰমণ আৰম্ভ কৰাৰ সময়তে মঙলবাৰে ছৌদি আৰৱৰ সৈতে কৌশলগত অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ছৌদি চৰকাৰে ৰিয়াধত ট্ৰাম্পক আদৰণি জনোৱাৰ বৃহৎ ব্যৱস্থা কৰে । এয়াৰ ফৰ্চ ৱানৰ পৰা নামি অহাৰ সময়ত ট্ৰাম্পে উত্তেজনাত মুঠি ওপৰলৈ তোলে, য’ত তেওঁক আদৰণি জনায় চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে ।

এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি-

শক্তি, প্ৰতিৰক্ষা, খনন আদি খণ্ডত সহযোগিতা সম্পৰ্কে চুক্তি স্বাক্ষৰ কৰে দুয়োগৰাকী নেতাই । চৌদি আৰৱৰ চৰকাৰী টেলিভিছনৰ তথ্য অনুসৰি এই চুক্তিখনে কেইবাটাও ক্ষেত্ৰ সামৰি লৈছে । হোৱাইট হাউছে জনাইছে যে ছৌদি আৰবে আমেৰিকাত মুঠ ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ ওলাইছে, য’ত ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিও অন্তৰ্ভুক্ত হৈছে- যিটো দুয়োখন দেশৰ মাজত এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি হ’ব ।

ট্ৰাম্পৰ মাস্কৰো চৌদি আৰৱ ভ্ৰমণ-

ৰিয়াধত অনুষ্ঠিত বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে মই সঁচাকৈয়ে ভাবো আমি ইজনে সিজনক বহুত ভাল পাওঁ । কোটিপতি ইলন মাস্ককে ধৰি আমেৰিকাৰ বহু বৃহৎ ব্যৱসায়ীও ট্ৰাম্পৰ সৈতে উপস্থিত আছিল । বুধবাৰে কাটাৰ আৰু বৃহস্পতিবাৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) ভ্ৰমণ কৰিব ট্ৰাম্প ।