প্ৰধানমন্ত্ৰীয়ে উদঙালে পাকিস্তানৰ চৰিত্ৰ...

প্ৰধানমন্ত্ৰীয়ে উদঙালে পাকিস্তানৰ চৰিত্ৰ… আদমপুৰ এয়াৰবেছত গৈ দিলে ভাৰত মাত কি জয় ধ্বনি

অপাৰেচন সিন্দুৰৰ চমৎকাৰ সফলতাৰ পিছত মঙলবাৰে (১৩ মে’, ২০২৫) পুৱা হঠাতে পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ বিষয়া-জোৱানসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত জোৱানসকলৰ অতি উৎসাহিত দেখা যায় । সৈনিকসকলৰ লগত কিছু মুহূৰ্ত কটোৱাৰ লগতে আৰু বাৰ্তালাপ কৰে

অপাৰেচন সিন্দুৰৰ চমৎকাৰ সফলতাৰ পিছত মঙলবাৰে (১৩ মে’, ২০২৫) পুৱা হঠাতে পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ বিষয়া-জোৱানসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত জোৱানসকলৰ অতি উৎসাহিত দেখা যায় । সৈনিকসকলৰ লগত কিছু মুহূৰ্ত কটোৱাৰ লগতে আৰু বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

পাকিস্তানৰ মিথ্যাচাৰ উদঙালে প্ৰধানমন্ত্ৰী মোদীয়ে-

যি সময়ত পাকিস্তানে ভাৰতৰ পঞ্জাৱত থকা আদমপুৰ বিমানঘাটি আক্ৰমণত ধ্বংস কৰাৰ লগতে ব্যাপক ক্ষতিসাধন কৰা বুলি সমগ্ৰ বিশ্বতে অহৰহ ভুৱা আখ্যান প্ৰচাৰ কৰি আছে, সেই সময়তে প্ৰধানমন্ত্ৰী মোদী আদমপুৰ বিমানঘাটিত উপস্থিত হয় । মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই আদমপুৰ বিমানঘাটিত উপস্থিত হৈ ফাঁকিবাজ পাকিস্তানৰ মিথ্যাচাৰ বিশ্বৰ আগত উদঙাই দিয়ে ।

নিৰাপদে আছে এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম-

নিজৰ জনসাধাৰণক সন্তুষ্ট কৰিবলৈ পাকিস্তান চৰকাৰে কয় যে তেওঁলোকৰ সেনাই আদমপুৰ এয়াৰবেছৰ ৰাণৱেৰ ক্ষতিসাধন কৰিছে । পাকিস্তানে আদমপুৰৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰা বুলিও দাবী কৰে । পাকিস্তানৰ গোকাট মিছা কথা উদঙাই দিলে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে । প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, য’ত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম নিৰাপদ আৰু সক্ৰিয় দেখা গৈছে । একে সময়তে আদপুৰ এয়াৰবেছৰ ৰাডাৰ ব্যৱস্থাও অক্ষত অৱস্থাত আছে আৰু শত্ৰুৰ প্ৰতিটো কুৎসিত কাৰ্য্যৰ ওপৰত চকু ৰাখিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ ছবিয়ে পাকিস্তানক স্পষ্ট বাৰ্তা দিছে যে আদমপুৰ এয়াৰবেছ একেবাৰে নিৰাপদ আৰু সুৰক্ষিত আৰু পাকিস্তানৰ এই দাবী সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইফালে প্ৰধানমন্ত্ৰী মোদীৰ জোৱানসকলৰ সৈতে হোৱা সাক্ষাতৰ ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁ বায়ুসেনাৰ বিষয়াৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা গৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলৰ লগতে ভাৰত মাতা কি জয় আৰু বন্দে মাতৰমৰ ধ্বনিও দিয়ে ।

আদমপুৰ বিমান ঘাটিৰ ছবি পোষ্ট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আদমপুৰ এয়াৰবেছত জোৱানৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “আজি পুৱা মই বায়ুসেনা ষ্টেচন আদমপুৰ ভ্ৰমণ কৰি আমাৰ সাহসী বিমান যোদ্ধা আৰু জোৱানসকলক লগ পাইছো । সাহস, দৃঢ়তা আৰু নিৰ্ভীকতাৰ সাৰ্থকতা দেখুওৱা লোকসকলৰ সৈতে থকাটো এটা অতি বিশেষ অভিজ্ঞতা আছিল । আমাৰ দেশৰ বাবে সকলো কাম কৰা আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি ভাৰত চিৰকাল কৃতজ্ঞ ।”

আদমপুৰ এয়াৰবেছৰ বহু ছবিও শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ফটোত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে সেনা জোৱানসকলক উৎসাহিত কৰা দেখা গৈছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সাহসী এয়াৰ ৱাৰিয়ৰ আৰু জোৱানক লগ পোৱাৰ কেইবাখনো ছবি প্ৰকাশ পাইছে । বিশেষ কথাটো হ’ল এখন ফটোত প্ৰধানমন্ত্ৰী মোদীৰ আঁৰত এখন ভাৰতীয় যুদ্ধ বিমানৰ ছবি আছে । এই ফটোখনৰ কেপচনত লিখা আছে, “শত্ৰুৰ পাইলটসকলে কিয় সঠিকভাৱে শুব পৰা নাই?” এই বিশেষ ছবিখনে চুবুৰীয়া দেশখনক স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ