সোমবাৰে ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে (DGMO) সামৰিক কাৰ্যকলাপ আৰু গুলীচালনা বন্ধ কৰাৰ বাবে ১০ মে’ত দুয়োপক্ষৰ মাজত হোৱা বুজাবুজিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে । ভাৰত আৰু পাকিস্তানে উভয় পক্ষই গুলীচালনা নকৰে বুলি ডি জি এম অ’ৰ মাজত চুক্তি হৈছে । হটলাইনত এই কথা-বতৰা পূৰ্বে দুপৰীয়া ১২ বজাত হোৱাৰ কথা আছিল যদিও বিয়লি ৫ বজাতহে হয় এই আলোচনা ।
ইষ্টাৰ্ণ কমাণ্ডৰ চি পি আৰ অ’ই জনোৱা মতে, সন্ধিয়া ৫ বজাত ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় । তেওঁ কয় যে দুয়োপক্ষই পৰস্পৰৰ ওপৰত গুলীচালনা নকৰিবলৈ বা পৰস্পৰৰ বিৰুদ্ধে কোনো ধৰণৰ আক্ৰমণাত্মক আৰু শত্ৰুতাপূৰ্ণ কাৰ্য্যৰ সূচনা নকৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়টো আলোচনা কৰা হৈছে ।
তেওঁ লগতে কয় যে সীমান্ত আৰু অগ্ৰিম অঞ্চলৰ পৰা সৈন্যৰ সংখ্যা হ্ৰাস কৰাটো নিশ্চিত কৰাৰ বাবে দুয়োপক্ষই তাৎক্ষণিক ব্যৱস্থাৰ কথা বিবেচনা কৰিব বুলিও সহমতত উপনীত হৈছে ।
শনিবাৰে দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত হোৱা আলোচনাৰ অন্তত সামৰিক কাৰ্যকলাপ আৰু গুলীচালনা বন্ধ কৰাৰ চুক্তি ঘোষণা কৰা হয় । যদিও শনিবাৰে নিশা পাকিস্তানী সেনাই চুক্তি উলংঘা কৰাৰ খবৰ আহিছিল, দেওবাৰে নিশা এনে কোনো কাণ্ড সংঘটিত হোৱা নাছিল ।
এক চমু বিবৃতিত সেনাই কয় যে ‘জম্মু-কাশ্মীৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অন্যান্য অঞ্চলত নিশাটো সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হৈ থাকিল ।‘ ইয়াত কোৱা হৈছে যে ‘কোনো ধৰণৰ ঘটনাৰ খবৰ পোৱা নগ’ল, যাৰ ফলত যোৱা কিছুদিনত এইটোৱেই প্ৰথম নিস্তব্ধ নিশা ।‘
এই বৈঠকৰ পূৰ্বে এয়াৰ অপাৰেচনৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয়, ‘আমি পুনৰ কৈছো যে আমাৰ যুঁজখন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে (পাকিস্তানত) আছিল । কিন্তু পাকিস্তানী সেনাই হস্তক্ষেপ কৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱাটো দুখৰ বিষয়, যাৰ ফলত আমি তেওঁলোকৰ দৰেই প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’লোঁ ।‘