৫৩ বছৰ ধৰি পৃথিৱীৰ কক্ষপথত আবদ্ধ হৈ থকা ছোভিয়েট ইউনিয়নৰ কচমছ ৪৮২ নামৰ মহাকাশযানখন অৱশেষত সম্পূৰ্ণৰূপে পৃথিৱীত পৰিলহি । ৰাছিয়াৰ মহাকাশ সংস্থা আৰু ইউৰোপীয় সংঘৰ মহাকাশ নিৰীক্ষণ আৰু অনুসৰণে এই কথা নিশ্চিত কৰিছে । ভাৰত মহাসাগৰৰ ওপৰত এই মহাকাশযান পৰিল বুলি ৰাছিয়াই কৈছে যদিও ঠিক ক’ত পৰিল সেয়া এতিয়াও নিশ্চিত নহয় একাংশ বিশেষজ্ঞ ।
আধা টন ওজনৰ মহাকাশযানখনৰ কিমান অংশ জুইৰ লেলিহান শিখাৰ পৰা ৰক্ষা পৰিল সেয়াও জানিব পৰা নগ’ল । ইয়াৰ কিছু অংশ তললৈ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে ইতিমধ্যে কৈছিল, কাৰণ ইয়াক সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ শুক্ৰৰ ওপৰত অৱতৰণ কৰিবলৈ ডিজাইন কৰা হৈছিল । বিজ্ঞানীসকলে লগতে কয় যে মহাকাশযানৰ ধ্বংসাৱশেষৰ সৈতে যিকোনো সংঘৰ্ষৰ সম্ভাৱনা অতি কম ।
১৯৭২ চনতে শুক্ৰ অভিযানত প্ৰেৰণ কৰা হৈছিল এই মহাকাশযান-
১৯৭২ চনত ছোভিয়েট ইউনিয়নে শুক্ৰ গ্ৰহ অন্বেষণৰ বাবে এই মহাকাশযান পঠিয়াইছিল যদিও ৰকেটৰ বিজুতিৰ বাবে ই পৃথিৱীৰ কক্ষপথ এৰি যোৱাত ব্যৰ্থ হয় । শনিবাৰে বিশেষজ্ঞসকলে নিশ্চিত কৰে যে মহাকাশযানখন কোনো নিয়ন্ত্ৰণ নোহোৱাকৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছে । অৰ্থাৎ ইয়াক নিৰাপদে নমাই অনা হোৱা নাছিল আৰু কেতিয়া ক’ত পৰিব সেয়া কোনেও সঠিকভাৱে জনা নাছিল ।
মহাকাশযানখন এতিয়া পৃথিৱীৰ কক্ষপথত নাই : EUSST
ইউৰোপীয় সংঘৰ মহাকাশ পৰ্যবেক্ষণ আৰু ট্ৰেকিং চিষ্টেম (EUSST)ৰ মতে, মহাকাশযানখন এতিয়া পৃথিৱীৰ কক্ষপথত নাই । ইয়াৰ দ্বাৰা এই মহাকাশযানখন অনিয়ন্ত্ৰিতভাৱে বায়ুমণ্ডললৈ ঘূৰি অহাটো নিশ্চিত হয় । একে সময়তে ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশ ধ্বংসাৱশেষ কাৰ্যালয়েও মহাকাশযানখন ঘূৰি অহাৰ কথা নিশ্চিত কৰিছে । সংস্থাটোৱে ইংগিত দিছিল যে মহাকাশযানখন জাৰ্মান ৰাডাৰ ষ্টেচনৰ পৰা অন্তৰ্ধান হোৱাৰ পিছত পুনৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে ।
অধিকাংশ মহাকাশযান ইতিমধ্যেই পৃথিৱীত পৰিছে-
ইতিমধ্যে মহাকাশযানৰ অধিকাংশই পৃথিৱীত পৰিছে । এতিয়া যিটো অংশ পৰিছে সেয়া আছিল ইয়াৰ লেণ্ডাৰ, যিটো এক মিটাৰ (প্ৰায় ৩ ফুট) বহল আৰু টাইটানিয়াম ধাতুৰে নিৰ্মিত আছিল । ইয়াৰ ওজন আছিল প্ৰায় ৪৯৫ কিলোগ্ৰাম । মহাকাশযানখনৰ দুৰ্ঘটনাৰ সঠিক সময় আৰু স্থান কোনোৱে জানিব পৰা নাই, কিয়নো ই নিয়ন্ত্ৰণহীনভাৱে পৰি গৈছিল আৰু সূৰ্য্যৰ গতিবিধিৰ বাবে ইয়াক অনুসৰণ কৰাটো কঠিন হৈ পৰিছিল । ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি যদি কোনো ধ্বংসাৱশেষ বাকী থাকে তেন্তে ইয়াক ৰাছিয়াৰ সম্পত্তি বুলি গণ্য কৰা হ’ব ।