২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব । বুধবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন বৈঠক আহ্বান কৰা হৈছে । যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটৰ কোনো বৈঠক হোৱা নাছিল আৰু ২৩ এপ্ৰিলত কেৱল কেবিনেট কমিটী অন ছিকিউৰিটিয়ে বৈঠকত মিলিত হৈ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল ।
লোৱা হ’ব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত-
ইয়াৰ উপৰিও আজি চি চি এছৰ বৈঠক অনুষ্ঠিত হ’ব । তথ্য অনুসৰি চি চি এছৰ বৈঠকত কঠোৰ সিদ্ধান্ত লোৱা হ’ব পাৰে । সেইবাবেই প্ৰধানমন্ত্ৰীয়ে সেনাধ্যক্ষৰ সৈতে বৈঠকত মিলিত হয় । উল্লেখ্য যে, দেশৰ সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত চি চি এছত লোৱা হয় ।
যিকোনো সময়তে হ’ব পাৰে এক্সন-
পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ যিকোনো সময়তে হ’ব পাৰে । কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰত্যক্ষ ইংগিত দিবলৈ সেনাক স্বতন্ত্ৰতা দিছে প্ৰধানমন্ত্ৰীয়ে । এই বাবে সেনাই কৰাচী বন্দৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰা আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ চলোৱাকে ধৰি বিভিন্ন বিকল্পৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰিছে । সামৰিক এক্সনৰ পূৰ্বে কূটনৈতিক ফ্ৰণ্টত বিশ্বৰ মঞ্চত পাকিস্তানক পৃথক কৰাৰ কৌশল ৰচনা কৰা হৈছে ।
চি চি এছৰ বৈঠকৰ পাছতে ভাৰতে গ্ৰহণ কৰে এই সিদ্ধান্ত-
ইয়াৰ পূৰ্বে যোৱা বুধবাৰে ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাকে ধৰি বহুকেইটা ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ছয় দশকৰো অধিক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু আট্টাৰীৰ স্থল ট্ৰেনজিট পোষ্ট তাৎক্ষণিকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰে ।