পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ কাৰ্যালয়ত সোমবাৰে সংঘটিত হোৱা এক শক্তিশালী বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হয় । দক্ষিণ ৱাজিৰিষ্টান জিলাৰ মুখ্য কাৰ্যালয় ৱানাৰ স্থানীয় শান্তি সমিতিৰ কাৰ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ।
কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব-
বিস্ফোৰণৰ পিছত ১৬ জন আহত লোকক চিকিৎসালয়লৈ অনা হয়, ইয়াৰে ৭ জনৰ মৃত্যু হয় । অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই । আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে শান্তি সমিতিৰ কাৰ্যালয় ভৱনটো ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে । তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা আহতসকলক উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ।
আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয় প্ৰশাসনৰ তথ্য অনুসৰি আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে । বিষয়াসকলে জনোৱা মতে, সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰা হৈছে আৰু বিস্ফোৰণৰ বাবে দায়ী লোকসকলৰ সন্ধান উলিয়াবলৈ তদন্ত চলি আছে ।