‘যুদ্ধৰ কোনো প্ৰয়োজন নাই…’ ; ছিদ্দাৰমাইয়াৰ মন্তব্যই পাকিস্তানী সংবাদ মাধ্যমৰ দখল কৰিলে শিৰোনাম

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আছে।তাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই এক বিতৰ্কিত মন্তব্য দিছে। সাংবাদিকসকলে সোধা এটা প্ৰশ্নত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৈছিল যে ‘পাকিস্তানৰ লগত যুদ্ধৰ প্ৰয়োজন নাই।মই ইয়াৰ পক্ষত নাই’। ‘সকলোতে শান্তি থাকিব লাগিব, মানুহে নিৰাপত্তা অনুভৱ কৰিব লাগে, আৰু

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আছে।তাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই এক বিতৰ্কিত মন্তব্য দিছে।

সাংবাদিকসকলে সোধা এটা প্ৰশ্নত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৈছিল যে ‘পাকিস্তানৰ লগত যুদ্ধৰ প্ৰয়োজন নাই।মই ইয়াৰ পক্ষত নাই’।

‘সকলোতে শান্তি থাকিব লাগিব, মানুহে নিৰাপত্তা অনুভৱ কৰিব লাগে, আৰু কেন্দ্ৰীয় চৰকাৰে ফলপ্ৰসূ নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব’।

তাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্যৰ ভিডিঅ’ পাকিস্তানৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে।এই সন্দৰ্ভত বিজেপিয়ে সিদ্দাৰমাইয়াক আক্ৰমণ কৰিছে।

কৰ্ণাটক বিধানসভাৰ বিৰোধী দলপতি আৰ অশোকে কয় যে ‘সিদ্দাৰমাইয়াই পাকিস্তানৰ পুতলাৰ দৰে বক্তব্য দিছে’।

এই মন্তব্যৰ পিছত এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই স্পষ্টীকৰণ দিছে।তেওঁ সামাজিক মাধ্যমত লিখিছে যে, ‘যুদ্ধ সম্পৰ্কে মোৰ বক্তব্যক লৈ বিতৰ্ক আৰু আলোচনা হোৱা দেখিছো’।

‘যুদ্ধ সদায় এটা জাতিৰ শেষ বিকল্প হ’ব লাগে।পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত এই কথা আমাৰ দেশৰ জনসাধাৰণ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়কে স্পষ্ট কৰি দিছে যে আমাৰ চোৰাংচোৱা আৰু নিৰাপত্তা ব্যৱস্থাত গুৰুতৰ ত্ৰুটি আছিল’।

‘এতিয়া চৰকাৰৰ গুৰুতৰ দায়িত্ব হৈছে যে তেওঁলোকে সকলোতকৈ প্ৰথমে এই অভাৱবোৰ শুধৰাব লাগে আৰু ভৱিষ্যতে যাতে এনে ট্ৰেজেডী পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে’।

তেওঁ লগতে কয় যে, “এই জটিল মুহূৰ্তত, সমগ্ৰ বিশ্বৰ দেশসমূহে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় হৈছে”।

“আমি এই অভূতপূৰ্ব বিশ্বব্যাপী সমৰ্থনৰ সুবিধা ল’ব লাগিব আৰু পাকিস্তানক এনে কঠোৰ শাস্তি দিব লাগে যে তেওঁলোকে আৰু কেতিয়াও এনে কাম কৰিবলৈ সাহস নকৰে”।

শেহতীয়া প্ৰৱন্ধসমূহ