মহাকাশ দুৰ্যোগৰ বাবে আন্তঃৰাষ্ট্ৰীয় চনদৰ মুৰব্বী হ’ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো । ‘মহাকাশ আৰু বৃহৎ দুৰ্যোগৰ আন্তৰ্জাতিক চনদ’ৰ প্ৰমুখ হিচাপে নিৰ্বাচিত কৰা হৈছে ইছৰোক । ২০২৫ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পৰৱৰ্তী ছমাহলৈকে ইছৰো এই ভূমিকাত থাকিব । ইছৰোৰ ৰাষ্ট্ৰীয় ৰিম’ট চেন্সিং চেণ্টাৰত ১৪-১৭ এপ্ৰিলৰ পৰা এই চনদৰ ৫৩ সংখ্যক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে ইছৰোক আন্তঃৰাষ্ট্ৰীয় চনদৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হয় । বিশ্বৰ শীৰ্ষ মহাকাশ সংস্থাসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত অংশগ্ৰহণ কৰিবলৈ হায়দৰাবাদত উপস্থিত হয় ২২ গৰাকী বিদেশী প্ৰতিনিধি ।
বিশ্ব দুৰ্যোগ পৰিচালনাত কৰিব সহায়-
ইছৰোৱে এক বিবৃতিত কয় যে ভাৰত এই চনদৰ স্বাক্ষৰকাৰী, যিখন চনদৰ ২০২৫ চনত ২৫ বছৰ সম্পূৰ্ণ হ’ব । ইছৰো ইয়াৰ প্ৰতিষ্ঠাপক সদস্য । চনদখনে ১৭টা সদস্য সংস্থাৰ বাবে সহযোগিতামূলক কাঠামো হিচাপে কাম কৰে । এই চনদখনে সমগ্ৰ বিশ্বৰ দুৰ্যোগ পৰিচালনাৰ বাবে পৃথিৱী পৰ্যবেক্ষণৰ তথ্য উপলব্ধ কৰে । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে আন্তঃৰাষ্ট্ৰীয় চনদৰ ব’ৰ্ডৰ সদস্যসকলক সম্বোধন কৰি দুৰ্যোগ ব্যৱস্থাপনা সমৰ্থনৰ বাবে মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত চনদৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে ।
শনিবাৰে ইছৰোৱে কয় যে চন্দ্ৰযান-৪ সন্দৰ্ভত ৰাষ্ট্ৰীয় বিজ্ঞান সভাৰ আয়োজন কৰা হৈছে । চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনাৰ বাবে চন্দ্ৰযান-৪ অভিযানৰ বিষয়টোক লৈ এই বৈঠক অনুষ্ঠিত হয় । ১৬ এপ্ৰিলত অনুষ্ঠিত এই বৈঠকত মহাকাশ বিজ্ঞানৰ সৈতে জড়িত বহু লোকে অংশগ্ৰহণ কৰে । ইয়াৰে আধা সংখ্যক আছিল ১২খন গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধি । ইছৰোৰ বৈজ্ঞানিক সচিব এম গণেশ পিল্লাই অনুষ্ঠানৰ সময়ত চন্দ্ৰযান-৪ অভিযানৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় বৈঠকৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।