‘মোদী চৰকাৰে যি এক্সনেই ল’ব তাত মোৰ সম্পূৰ্ণ সমৰ্থন থাকিব’; সৰ্বদলীয় বৈঠকৰ পিছত ৰাহুল গান্ধীৰ বিশেষ মন্তব্য

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে এক্সন আৰম্ভ কৰিছে।বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে ৫টা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আজি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা পৰিস্থিতিৰ গুৰুত্ব আৰু ভৱিষ্যতৰ কৌশল সন্দৰ্ভত গুৰুত্বপূৰ্ণ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে এক্সন আৰম্ভ কৰিছে।বুধবাৰে পাকিস্তানৰ বিৰুদ্ধে ৫টা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আজি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

এই উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা পৰিস্থিতিৰ গুৰুত্ব আৰু ভৱিষ্যতৰ কৌশল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ইয়াৰ পিছত সন্ধিয়া এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত ৰাহুল গান্ধীকে ধৰি বহু বিৰোধী নেতাই অংশগ্ৰহণ কৰে।

বৈঠকৰ পৰা ওলাই আহি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে প্ৰতিটো কামতে চৰকাৰক আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে সকলো দলে এই আক্ৰমণক গৰিহণা দিছো।পাকিস্তানৰ বিৰুদ্ধে এতিয়া সকলো দলেই একত্ৰিত হৈছে।ভাৰতৰ সকলো ৰাজনৈতিক দলেপাকিস্তানৰ ভাষাতেই উত্তৰ দিয়াৰ বাবে দাবী কৰিছে।  

শেহতীয়া প্ৰৱন্ধসমূহ