মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত পৰ্যটকক লক্ষ্য কৰি লোৱা হয় । দুপৰীয়া এই সুন্দৰ উপত্যকা চাবলৈ অহা পৰ্যটকৰ ওপৰত হঠাৎ গুলীচালনা আৰম্ভ কৰে সন্ত্রাসবাদীয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে চৌদিশে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু লোক গুলীৰ আঘাতত বাগৰি পৰে ।
এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই আক্ৰমণত দুজন বিদেশীকে ধৰি দুইজনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আনহাতে এই ঘটনাত কমেও ২০ জন লোক আহত হৈছে । এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা নিশ্চিত নকৰিলেও সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ইংগিত দিয়ে ।
ইফালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সৰ এটা পোষ্টত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ চাঞ্চল্যকৰ আৰু বেদনাদায়ক বুলি কয় । এইটো এটা নিষ্ঠুৰ আৰু অমানৱীয় কাৰ্য্য যিটোক স্পষ্টভাৱে নিন্দা কৰিব লাগে । নিৰীহ সাধাৰণ নাগৰিক আৰু পৰ্যটকক আক্ৰমণ কৰাটো অত্যন্ত ভয়ংকৰ আৰু অক্ষমনীয় । আপোনজনক হেৰুৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।
এই ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ‘এক্স’ত কয়- জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । নিহতৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।