আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ (আৰ আৰ) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ২ ৰানত পৰাজয়ৰ বাবে চলিত ছিজনত সৃষ্টি হৈছে বিতৰ্কৰ । ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে এটা সময়ত জয়ৰ দিশে আগবাঢ়িছিল যদিও এল এছ জিৰ বেগী বলাৰ আৱেশ খানে ডেথ অভাৰত শক্তিশালী বলিঙেৰে মেচখন লক্ষ্ণৌৰ পক্ষত ঘূৰাই আনে । অৱশ্যে এই ফলাফলৰ পিছতে ৰাজস্থান ক্ৰিকেট সন্থাৰ তদৰ্থ সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে ৰয়েলছৰ বিৰুদ্ধে ‘মেচ ফিক্সিং’ৰ অভিযোগ উত্থাপন কৰিছে । যিয়ে ক্ৰিকেট জগতক স্তম্ভিত কৰি তুলিছে ।
এই পৰাজয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে জয়দীপ বিহানীয়ে । তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল । এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু দলটোৰ ইতিহাস অলপ বিতৰ্কিত হৈ পৰিছে ।
তেওঁ লগতে অভিযোগ কৰে যে ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে জুৱাৰ গোচৰত ধৰা পৰিছে, আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবাৰো তেওঁ বি চি চি আইক দাবী জনাইছে যে বিষয়টোৰ তদন্ত হ’ব লাগে । চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ লগতে ৰাজস্থান দলকো ২০১৬ আৰু ২০১৭ চনত দুটা চিজনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰিছে যে ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল । তেওঁ কয় যে স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে । কিন্তু প্ৰশ্ন হ’ল চুক্তি নহ’লেও তেতিয়া ক্ৰীড়া পৰিষদে প্ৰতিখন মেচৰ বাবে ধন পোৱা নাই নেকি ?