ইছৰোৰ স্পেডেক্স উপগ্ৰহে সফলতাৰে দ্বিতীয় ডকিং সম্পূৰ্ণ কৰিছে । আচলতে মহাকাশত উপগ্ৰহবোৰক একেলগে সংযোগ কৰা প্ৰক্ৰিয়াটোক ডকিং আৰু পৃথক কৰা প্ৰক্ৰিয়াটোক আনডকিং বোলা হয় । কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ‘এক্স’ৰ এটা পোষ্টত কয়, ‘উপগ্ৰহৰ দ্বিতীয়টো ডকিং সফলতাৰে সম্পূৰ্ণ হোৱা বুলি জনাবলৈ পাই আনন্দিত হৈছো । পূৰ্বে প্ৰকাশ পোৱা অনুসৰি ২০২৪ চনৰ ৩০ ডিচেম্বৰত PSLV-C60 SpadeX অভিযান সফলতাৰে উৎক্ষেপণ কৰা হয় । তাৰ পিছত ২০২৫ চনৰ ১৬ জানুৱাৰীত পুৱা ০৬:২০ বজাত প্ৰথমবাৰৰ বাবে উপগ্ৰহসমূহ সফলতাৰে ডক কৰা হয় । ২০২৫ চনৰ ১৩ মাৰ্চত পুৱা ০৯:২০ বজাত ইয়াক সফলতাৰে আনডক কৰা হয় । অহা দুসপ্তাহত আৰু পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে ।
বিশ্বৰ নিৰ্বাচিত দেশসমূহৰ ক্লাবত অন্তৰ্ভুক্ত ভাৰত-
ইয়াৰ পূৰ্বে ১৬ জানুৱাৰীত মহাকাশ খণ্ডত আন এক বৃহৎ জাঁপ মাৰি ভাৰতে বিশ্বৰ নিৰ্বাচিত দেশৰ ক্লাবত যোগদান কৰে । ইছৰোৱে ‘স্পেচ ডকিং এক্সপেৰিমেণ্ট’ (স্পেডেক্স)ৰ অধীনত উপগ্ৰহসমূহ সফলতাৰে ডক কৰে । ইছৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয়, ‘ভাৰতে মহাকাশ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে । সুপ্ৰভাত ভাৰত, ইছৰোৰ স্পেডএক্স মিছনে ‘ডকিং’ত ঐতিহাসিক সফলতা লাভ কৰিছে । এই মুহূৰ্তটো প্ৰত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰিছো ।‘
ইয়াৰ লগে লগে ভাৰত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় । ভাৰতৰ মহাকাশ উচ্চাকাংক্ষা যেনে চন্দ্ৰলৈ ভাৰতীয় অভিযান, চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনা, ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) নিৰ্মাণ আৰু পৰিচালনা ইত্যাদিৰ বাবে এই প্ৰযুক্তি অতি প্ৰয়োজনীয় ।