পূৰ্বৰ পৰাজয় পাহৰি প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব কলকাতাই, শীৰ্ষত নিজৰ আধিপত্য বৰ্তাই ৰখাৰ বাবে যুঁজ দিব গুজৰাটে…

আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’বলগা ৩৯ সংখ্যক মেচখনত মুখামুখি হ’ব কে কে আৰ আৰু গুজৰাট । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পূৰ্বৰ পৰাজয় পাহৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । কলকাতাৰ ইডেন গাৰ্ডেনত আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই

আই পি এল ২০২৫ৰ আজি অনুষ্ঠিত হ’বলগা ৩৯ সংখ্যক মেচখনত মুখামুখি হ’ব কে কে আৰ আৰু গুজৰাট । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পূৰ্বৰ পৰাজয় পাহৰি গুজৰাট টাইটানছৰ বিৰুদ্ধে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । কলকাতাৰ ইডেন গাৰ্ডেনত আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ । অজিংক্য ৰাহানে নেতৃত্বাধীন কে কে আৰে শেষৰখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে পৰাস্ত হয় । ১১২ ৰানৰ সহজ বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছিল দলটো ।

এই পৰাজয়ৰ লগে লগে কে কে আৰ পইণ্ট টেবুলৰ সপ্তম স্থানলৈ অৱনমিত হৈছে । এই পৰ্যন্ত সাতখন খেল খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈছে দলটো । কে কে আৰৰ মিডল অৰ্ডাৰে সংগ্ৰাম কৰি আছে আৰু সেয়েহে দলটো সমস্যাৰ সন্মুখীন হৈছে । ৰিংকু সিং, ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল আৰু ৰমনদীপ সিঙে আশা কৰা ধৰণে বেটিং কৰাত ব্যৰ্থ হৈছে । যদি কে কে আৰ প্লে অফৰ দৌৰত থাকিব বিচাৰে তেন্তে বেটিং প্ৰদৰ্শন যথেষ্ঠ উন্নত কৰিব লাগিব ।

আনহাতে, শেষৰখন খেলত দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে গুজৰাট টাইটানছ । শুভমন গীলৰ নেতৃত্বত এই দলটোৱে এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীৰ বিৰুদ্ধে জোছ বাটলাৰে বিস্ফোৰক বেটিং কৰে । গুজৰাটৰ বেটিং আৰু বলিং দুয়োটা বিভাগৰে প্ৰদৰ্শন শক্তিশালী আছিল । ২০২২ চনৰ চেম্পিয়ন দলটোৰ শক্তি কে কে আৰৰ তুলনাত কিছু অধিক । আজিৰ মেচত গুজৰাটে শীৰ্ষ ক্ৰমত নিজৰ আধিপত্য অব্যাহত ৰাখিবলৈ বিচাৰিব ।

শেহতীয়া প্ৰৱন্ধসমূহ