ঠাই খালী কৰক অন্যথা কৰ দিয়ক… চাৰি প্ৰজন্ম ধৰি বসবাস কৰি অহা ১৫০টা পৰিয়ালক জাননী জাৰি ৱাকফ ব’ৰ্ডৰ

ৱাকফ আইনক লৈ চলি থকা ৰাজনৈতিক হুলস্থুলৰ মাজতে তামিলনাডুত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শেহতীয়াকৈ তামিলনাডুৰ আনাইকাট্টু তালুকৰ কট্টুকোলাই গাঁৱৰ ১৫০টা পৰিয়ালৰ মাজত হাহাকৰ সৃষ্টি হৈছে, কিয়নো এই লোকসকলে এক বিশেষ জাননী লাভ কৰিছে । এই জাননীত লিখা আছিল যে তেওঁলোকৰ গাঁৱৰ মাটি ৱাকফৰ

ৱাকফ আইনক লৈ চলি থকা ৰাজনৈতিক হুলস্থুলৰ মাজতে তামিলনাডুত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শেহতীয়াকৈ তামিলনাডুৰ আনাইকাট্টু তালুকৰ কট্টুকোলাই গাঁৱৰ ১৫০টা পৰিয়ালৰ মাজত হাহাকৰ সৃষ্টি হৈছে, কিয়নো এই লোকসকলে এক বিশেষ জাননী লাভ কৰিছে । এই জাননীত লিখা আছিল যে তেওঁলোকৰ গাঁৱৰ মাটি ৱাকফৰ সম্পত্তি হিচাপে ঘোষণা কৰা হৈছে ।

জাননীখনত কি কোৱা হৈছে ?

চৈয়দ আলী চুলতান শ্বাহে জাৰি কৰা জাননীখনত দাবী কৰা হৈছে যে কট্টুকোল্লাই গাঁৱৰ মাটিখিনি স্থানীয় দৰগাহৰ । গাঁওবাসীয়ে হয় তৎক্ষণাত খালী কৰক নহয় দৰগাহক কৰ দিবলৈ আৰম্ভ কৰক । এই জাননী পোৱা লোকসকলে চাৰিটা প্ৰজন্মৰ পৰা এই স্থানত বসবাস কৰি আহিছে আৰু তেওঁলোক জীৱিকাৰ বাবে খেতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ।

জাননী পোৱাৰ পিছতে গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । গাঁওখনৰ বহু লোকৰ মাটিৰ লগত জড়িত চৰকাৰী নথি-পত্ৰ আছে । তেওঁলোক সকলোৱে ভেলোৰস্থিত আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰাপত্তাৰ দাবী জনায় । তেওঁলোকে আশংকা কৰিছে যে এতিয়া তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ’ব আৰু তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায় খেতি-বাতিও তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ’ব ।

এই সন্দৰ্ভত গাঁওবাসীক আয়ুক্তৰ ওচৰলৈ লৈ যোৱা এগৰাকী ব্যক্তিয়ে কয় যে ভূমি সন্দৰ্ভত চৰকাৰে দিয়া সকলো নথি-পত্ৰ গাওঁবাসীৰ হাতত আছে আৰু ৩৩০/১ নম্বৰৰ জৰীপত মাটিখিনি ৱাকফ ভূমি হিচাপে ঘোষণা কৰা হৈছে ।

পূৰ্বেও ঘটিছিল অনুৰূপ ঘটনা-

তামিলনাডুত এনে ঘটনা সংঘটিত হোৱাটো এয়া প্ৰথম নহয় । ইয়াৰ পূৰ্বে তামিলনাডু ৱাকফ ব’ৰ্ডে ১৫০০ বছৰীয়া চোলা যুগৰ মন্দিৰকে ধৰি প্ৰায় ৪৮০ একৰ মাটিৰ ওপৰত দাবী উত্থাপন কৰিছিল । কেইবাটাও প্ৰজন্ম ধৰি তাত বসবাস কৰা লোকসকলক কোৱা হৈছিল যে তেওঁলোকে ৱাকফ ব’ৰ্ডৰ পৰা আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) নোলোৱাকৈ নিজৰ মাটি বিক্ৰী কৰিব নোৱাৰে । সংসদত ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়টো উত্থাপন কৰিছিল ।

উল্লেখ্য যে সংসদৰ দুয়োখন সদনত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাত এতিয়া ই আইনত পৰিণত হৈছে । কিন্তু এই আইনক প্ৰত্যাহ্বান জনাই বহু আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ