ৱাকফ আইনক লৈ চলি থকা ৰাজনৈতিক হুলস্থুলৰ মাজতে তামিলনাডুত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । শেহতীয়াকৈ তামিলনাডুৰ আনাইকাট্টু তালুকৰ কট্টুকোলাই গাঁৱৰ ১৫০টা পৰিয়ালৰ মাজত হাহাকৰ সৃষ্টি হৈছে, কিয়নো এই লোকসকলে এক বিশেষ জাননী লাভ কৰিছে । এই জাননীত লিখা আছিল যে তেওঁলোকৰ গাঁৱৰ মাটি ৱাকফৰ সম্পত্তি হিচাপে ঘোষণা কৰা হৈছে ।
জাননীখনত কি কোৱা হৈছে ?
চৈয়দ আলী চুলতান শ্বাহে জাৰি কৰা জাননীখনত দাবী কৰা হৈছে যে কট্টুকোল্লাই গাঁৱৰ মাটিখিনি স্থানীয় দৰগাহৰ । গাঁওবাসীয়ে হয় তৎক্ষণাত খালী কৰক নহয় দৰগাহক কৰ দিবলৈ আৰম্ভ কৰক । এই জাননী পোৱা লোকসকলে চাৰিটা প্ৰজন্মৰ পৰা এই স্থানত বসবাস কৰি আহিছে আৰু তেওঁলোক জীৱিকাৰ বাবে খেতিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ।
জাননী পোৱাৰ পিছতে গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । গাঁওখনৰ বহু লোকৰ মাটিৰ লগত জড়িত চৰকাৰী নথি-পত্ৰ আছে । তেওঁলোক সকলোৱে ভেলোৰস্থিত আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰাপত্তাৰ দাবী জনায় । তেওঁলোকে আশংকা কৰিছে যে এতিয়া তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ’ব আৰু তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায় খেতি-বাতিও তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ’ব ।
এই সন্দৰ্ভত গাঁওবাসীক আয়ুক্তৰ ওচৰলৈ লৈ যোৱা এগৰাকী ব্যক্তিয়ে কয় যে ভূমি সন্দৰ্ভত চৰকাৰে দিয়া সকলো নথি-পত্ৰ গাওঁবাসীৰ হাতত আছে আৰু ৩৩০/১ নম্বৰৰ জৰীপত মাটিখিনি ৱাকফ ভূমি হিচাপে ঘোষণা কৰা হৈছে ।
পূৰ্বেও ঘটিছিল অনুৰূপ ঘটনা-
তামিলনাডুত এনে ঘটনা সংঘটিত হোৱাটো এয়া প্ৰথম নহয় । ইয়াৰ পূৰ্বে তামিলনাডু ৱাকফ ব’ৰ্ডে ১৫০০ বছৰীয়া চোলা যুগৰ মন্দিৰকে ধৰি প্ৰায় ৪৮০ একৰ মাটিৰ ওপৰত দাবী উত্থাপন কৰিছিল । কেইবাটাও প্ৰজন্ম ধৰি তাত বসবাস কৰা লোকসকলক কোৱা হৈছিল যে তেওঁলোকে ৱাকফ ব’ৰ্ডৰ পৰা আপত্তিহীন প্ৰমাণপত্ৰ (এন অ’ চি) নোলোৱাকৈ নিজৰ মাটি বিক্ৰী কৰিব নোৱাৰে । সংসদত ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়টো উত্থাপন কৰিছিল ।
উল্লেখ্য যে সংসদৰ দুয়োখন সদনত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাত এতিয়া ই আইনত পৰিণত হৈছে । কিন্তু এই আইনক প্ৰত্যাহ্বান জনাই বহু আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে ।