আমি সকলোৱে বিচাৰো যে আমাৰ দিনটো ভালকৈ আৰম্ভ হওক আৰু আমাৰ গোটেই দিনটো ভালদৰেই পাৰ হওক । আমি আমাৰ দিনটো কেনেকৈ আৰম্ভ কৰো তাৰ ওপৰত আমাৰ সমগ্ৰ দিনটো প্ৰভাৱিত হয় । গোটেই দিনটো শক্তি, ইতিবাচকতা আৰু উৎপাদনশীলতা বজাই ৰাখিবলৈ আমি আমাৰ দিনটো ভালদৰে আৰম্ভ কৰিব লাগে । গতিকে আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে ভাল অভ্যাস গ্ৰহণ কৰি বেয়া অভ্যাস ত্যাগ কৰা উচিত । ৰাতিপুৱাৰ বেয়া অভ্যাসে গোটেই দিনটো ভাগৰুৱা, খিংখিঙীয়া বা বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে । এই খবৰটোত আমি আপোনালোকক জনাম যে কোনবোৰ অভ্যাস আপুনি ৰাতিপুৱা পৰিহাৰ কৰিব লাগে ।
বাৰে বাৰে এলাৰ্ম বন্ধ কৰা-
বহুতৰে ৰাতিপুৱা বাৰে বাৰে এলাৰ্ম বন্ধ কৰি শুই যোৱাৰ অভ্যাস আছে । মাত্ৰ আৰু ৫ মিনিট শুব বিচৰাৰ বাবেই তেওঁলোকে অগণন বাৰ এলাৰ্ম বন্ধ কৰি টোপনি যায় । কিন্তু এই অভ্যাসে আপোনাৰ টোপনিৰ মানদণ্ড নষ্ট কৰে । এলাৰ্মৰ শব্দই আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত ইমানেই প্ৰভাৱ পেলায় যে পুনৰ এলাৰ্ম বাজিলে শৰীৰ আৰু মন স্তম্ভিত হৈ পৰে । ইয়াৰ ফলত আপুনি অধিক ভাগৰুৱা অনুভৱ কৰে । গতিকে এবাৰ এলাৰ্ম বন্ধ কৰি লগে লগে শুই উঠাৰ অভ্যাস কৰি লওক । ইয়াৰ ফলত দিনটোৰ আৰম্ভণি ভাল হয় ।
মোবাইল ফোন চেক কৰি থকা-
আজিকালি মানুহৰ ফোন চেক কৰাৰ অভ্যাস ইমানেই হৈছে যে গভীৰ নিশালৈকে মোবাইল চেক কৰি থাকে আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে মোবাইল চোৱাৰ কামহে কৰে । এই অভ্যাসে ৰাতিপুৱা একেলগে আপোনাৰ মনলৈ বহুতো চিন্তা দিয়ে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পায় আৰু মনোযোগ বিচলিত হয় । গতিকে পুৱা কমেও ৩০ মিনিট মোবাইলৰ পৰা আঁতৰি থাকিব । এই সময়ত ধ্যান, প্ৰাণায়াম বা লঘু ব্যায়াম কৰক ।
পানী নোখোৱাকৈ দিনটো আৰম্ভ কৰা-
আমাৰ শৰীৰটো শুই থকাৰ সময়ত কেইবা ঘণ্টা ধৰি পানীহীন হৈ থাকে । সেয়েহে শুই উঠাৰ পিছত পানী নাখালে শৰীৰত শক্তিৰ অভাৱ অনুভৱ হয় আৰু বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় । গতিকে শুই উঠাৰ লগে লগে এগিলাচ বা দুগিলাচ কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত শৰীৰৰ বিষমুক্ত হয় আৰু লগতে পাচনতন্ত্ৰও উন্নত হয় ।
লগে লগে কামত লগা-
কিছুমান মানুহে বিচনাৰ পৰা উঠাৰ লগে লগে খৰখেদাকৈ কাম আৰম্ভ কৰে । এনে কৰিলে মনলৈ শান্তি নাহে । ইয়াৰ বাবে গোটেই দিনটো মানসিক চাপত থাকিব পাৰে আৰু কাম কৰিবলৈও মন নাযাব । গতিকে দিনটোৰ আৰম্ভণি এটা ইতিবাচক ৰুটিনেৰে কৰক । ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যোগাসন কৰা, কিতাপ পঢ়া, গান শুনা বা মুকলি আকাশৰ তলত অলপ খোজ কাঢ়াৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত মনটো সতেজ হৈ থাকে ।