বেংককত প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি...

থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোদী…বিমানবন্দৰত বিপুল আদৰণি

বৃহস্পতিবাৰে (৩ এপ্ৰিল) বেংককত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বেংককত থকা ভাৰতীয় প্ৰবাসীসকলে ‘মোদী-মোদী’ আৰু ‘বন্দে মাতৰম’ৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেয়াংকিটৰ লগতে আন কেইবাজনো শীৰ্ষ বিষয়াই । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল

বৃহস্পতিবাৰে (৩ এপ্ৰিল) বেংককত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বেংককত থকা ভাৰতীয় প্ৰবাসীসকলে ‘মোদী-মোদী’ আৰু ‘বন্দে মাতৰম’ৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেয়াংকিটৰ লগতে আন কেইবাজনো শীৰ্ষ বিষয়াই ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰে । এই পোষ্টটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “থাইলেণ্ডৰ বেংককত অৱতৰণ কৰিলোঁ । আগন্তুক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ, ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ বান্ধোন শক্তিশালী কৰিবলৈ আগ্ৰহী ।”

উল্লেখযোগ্য যে ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডৰ ৰাজধানী বেংককত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । শুকুৰবাৰে (৪ এপ্ৰিল) তেওঁ আঞ্চলিক নেতাসকলৰ সৈতে সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিব । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ নেতৃত্বৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হৈ ভাৰত-থাইলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰিব ।

বেংককত ভাৰতীয় সম্প্ৰদায়ৰ লোকক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে-

বেংককত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক সম্পৰ্কক আলোকপাত কৰি প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ কথা ।

ইয়াৰ পূৰ্বে প্ৰস্থান বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ আমন্ত্ৰণত আজি মই থাইলেণ্ডলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আৰু ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিছো । তেওঁ কয়, “যোৱা দশকত বিমষ্টেক বংগোপসাগৰ অঞ্চলত আঞ্চলিক উন্নয়ন, সংযোগ, অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ উত্তৰ-পূব অঞ্চল বিমষ্টেকৰ কেন্দ্ৰবিন্দুত আছে ।”

বিমষ্টেকৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ-

বিমষ্টেকৰ নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে উৎসাহ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বিমষ্টেক দেশসমূহৰ নেতাসকলক লগ পাই আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে গঠনমূলকভাৱে জড়িত হ’বলৈ মই আগ্ৰহী ।”

শেহতীয়া প্ৰৱন্ধসমূহ