তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ক'লে ট্ৰাম্পে

‘তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ধেমালি কৰা নাই’; ট্ৰাম্পে ক’লে–  ইয়াৰ বাবে বহু উপায় আছে

চাৰি বছৰৰ পাছত নিৰ্বাচনত জয়ী হৈ আমেৰিকাত পুনৰ ক্ষমতালৈ অহা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তৃতীয় কাৰ্যকালৰ সন্দৰ্ভত ধেমালি কৰা নাই । তেওঁ কয়, যদিও এতিয়াই তেনে কৰাৰ কথা ভবাতো সোনকাল হ’ব পাৰে, তথাপিও কৰিব পৰাৰ উপায় আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক

চাৰি বছৰৰ পাছত নিৰ্বাচনত জয়ী হৈ আমেৰিকাত পুনৰ ক্ষমতালৈ অহা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তৃতীয় কাৰ্যকালৰ সন্দৰ্ভত ধেমালি কৰা নাই । তেওঁ কয়, যদিও এতিয়াই তেনে কৰাৰ কথা ভবাতো সোনকাল হ’ব পাৰে, তথাপিও কৰিব পৰাৰ উপায় আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে, ‘মই ধেমালি কৰা নাই, কিন্তু এই বিষয়ে চিন্তা কৰাটো এতিয়া সোনকাল হ’ব ।’ উল্লেখ্য যে আমেৰিকাৰ সংবিধানৰ নিয়ম অনুসৰি কোনো নেতাই তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে ।

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ কাৰ্যকাল দুটা, ট্ৰাম্পে ক’লে- বহু উপায় আছে…

এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “আপুনি জানে যে, আপুনি সেইটো কৰিব পৰা উপায় আছে ।” কিন্তু কোনো পদ্ধতিৰ বিষয়ে বিতংভাৱে ক’বলৈ তেওঁ অস্বীকাৰ কৰে । মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক দুটা কাৰ্যকাল লাভ কৰিব পাৰে । যদি কোনো প্ৰাৰ্থীয়ে এটা চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত নিৰ্বাচনত পৰাস্ত হয় তেন্তে পৰৱৰ্তী সময়তো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । বৰ্তমানৰ ট্ৰাম্পৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসনত অধিষ্ঠীত হৈছে ।

কোনবোৰ সিদ্ধান্তৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰিছে ট্ৰাম্পে-

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ জানুৱাৰীত ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । দ্বিতীয় আৰু অন্তিম কাৰ্যকালত তেওঁ বহু আগ্ৰাসী সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত তেওঁৰ নীতিক লৈ বহু জল্পনা-কল্পনা চলি আছে । ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম দুমাহত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈছে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন, আমেৰিকাৰ শুল্ক নীতি, কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে গঢ়ি তোলা আৰু মেক্সিকো সন্দৰ্ভত ট্ৰাম্পৰ নীতি ।

শেহতীয়া প্ৰৱন্ধসমূহ