ভাৰতীয় মহিলা দলৰ পূৰ্বে পুৰুষ ক্ৰিকেট দলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । পুৰুষৰ দলটোৱে চলিত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়ালৈ ভ্ৰমণত সীমিত অভাৰৰ শৃংখলা খেলিব । ক্ৰিকেট অষ্ট্ৰেলিয়াই এই ভ্ৰমণ নিশ্চিত কৰিছে । ভাৰতীয় পুৰুষ দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলিব । ভাৰতীয় দলটোৱে ৮টা ভিন্ন স্থানত এই মেচসমূহ খেলিব ।
১৯ অক্টোবৰৰ পৰা হ’ব আৰম্ভ-
১৯ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব সীমিত অভাৰৰ শৃংখলা । অষ্ট্ৰেলিয়াৰ গুৰুত্ব টি-২০ ক্ৰিকেটৰ ওপৰত । কিয়নো অহা বছৰ অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ । ক্ৰিকেট অষ্ট্ৰেলিয়াই অক্টোবৰ মাহত নিউজীলেণ্ডত আৰু ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব বুলিও জনাইছে । ২০২৫–২৬ ছিজনত অষ্ট্ৰেলিয়াৰ দলটোৱে সকলোতে খেলিব ।
বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ সময়ত অভিলেখ ভংগ হৈছিল-
২০২৪-২৫ চনৰ পাঁচখন টেষ্টৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছত পুনৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় দলে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত অষ্ট্ৰেলিয়াত দৰ্শকৰ সংখ্যাই নতুন অভিলেখ গঢ়িছিল । ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী টড গ্ৰীনবাৰ্গে কয় যে আমি যোৱা গ্ৰীষ্মকালত ইন-গ্ৰাউণ্ড উপস্থিতি, টিভি দৰ্শক আৰু ডিজিটেল এংগেজমেণ্টৰ বাবে অসংখ্য অভিলেখ ভংগ কৰিছিলো আৰু আমি নিশ্চিত যে এই অবিশ্বাস্য অভিলেখ সমগ্ৰ ছিজনটোত অব্যাহত থাকিব ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সীমিত অভাৰৰ শৃংখলাৰ সূচী এনেধৰণৰ…
এদিনীয়া শৃংখলা :
প্ৰথম এদিনীয়া- ১৯ অক্টোবৰ, পাৰ্থ
২য় এদিনীয়া- ২৩ অক্টোবৰ, এডিলেইড
তৃতীয় এদিনীয়া- ২৫ অক্টোবৰ, ছিডনী
টি২০ ছিৰিজ :
১ম টি২০- ২৯ অক্টোবৰ, কেনবেৰা
২য় টি২০- ৩১ অক্টোবৰ, মেলবৰ্ণ
৩য় টি২০- ০২ নৱেম্বৰ, হোবাৰ্ট
৪ৰ্থ টি২০- ০৬ নৱেম্বৰ, গোল্ড কোষ্ট
৫ম টি২০- ০৮ নৱেম্বৰ, ব্রিজবেন