কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময়, কিছু অঞ্চলৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন...

কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময়, কিছু অঞ্চলৰ পৰা প্ৰত্যাহাৰ সান্ধ্য আইন… গ্ৰেপ্তাৰ এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থক

শুকুৰবাৰে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত নেপালৰ কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময় হৈ আছে । কিন্তু কিছু অঞ্চলত শান্তি ঘূৰি অহা দেখি আৰক্ষীয়ে উঠাই লৈছে সান্ধ্য আইন । ইফালে বৰ্তমানলৈকে এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে । শুকুৰবাৰে নেপালৰ কাঠমাণ্ডুত ৰাজতন্ত্ৰ সমৰ্থকে হুলস্থুলীয়া

শুকুৰবাৰে ৰাজতন্ত্ৰৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত নেপালৰ কাঠমাণ্ডুত পৰিস্থিতি উত্তেজনাময় হৈ আছে । কিন্তু কিছু অঞ্চলত শান্তি ঘূৰি অহা দেখি আৰক্ষীয়ে উঠাই লৈছে সান্ধ্য আইন । ইফালে বৰ্তমানলৈকে এশৰো অধিক ৰাজতন্ত্ৰৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে ।

শুকুৰবাৰে নেপালৰ কাঠমাণ্ডুত ৰাজতন্ত্ৰ সমৰ্থকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । টিংকুনে অঞ্চলৰ এটা ঘৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে । সমৰ্থকসকলে শিলগুটি নিক্ষেপ কৰি এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত আক্ৰমণ চলায় । যান-বাহন অগ্নিসংযোগ কৰাৰ লগতে দোকান-পোহাৰ লুটপাত কৰে । ইয়াৰ উপৰিও দুস্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধা ভাঙিবলৈও চেষ্টা কৰে, যাৰ বাবে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । এই সংঘৰ্ষৰ সময়তে নিহত হয় দুজন লোক । ইয়াৰ পিছতে শুকুৰবাৰে সন্ধিয়া ৪.২৫ বজাৰ পৰা বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰা হয় । শনিবাৰে পুৱা ৭ বজাত সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হয় ।

আন্দোলনৰ আহ্বায়ক দুৰ্গা প্ৰসাদে নিৰাপত্তাৰ বাধা ভঙাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । বুলেটপ্ৰুফ গাড়ী এখনত উঠি তেওঁ বানেশ্বৰৰ ফালে আগবাঢ়িছিল । ইতিমধ্যে আৰক্ষীয়ে এশজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাধাৰণ সম্পাদক ধৱাল শমশ্বেৰ ৰাণা আৰু দলটোৰ এজন কেন্দ্ৰীয় সদস্য ৰবীন্দ্ৰ মিশ্ৰ ।

কাঠমাণ্ডু জিলা আৰক্ষী ৰেঞ্জৰ আৰক্ষী অধীক্ষক অপিল বহৰাই জানিবলৈ দিয়া মতে, প্ৰসাদ নামৰ মূল লোকজন এতিয়াও পলাতক হৈ আছে । এই হিংসাত্মক সংঘৰ্ষত ৫৩ জন আৰক্ষী জোৱান, ২২ জন সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান আৰু ৩৫ জন প্ৰতিবাদকাৰী আহত হয় । প্ৰতিবাদৰ সময়ত ১৪টা অট্টালিকাত অগ্নি সংযোগ কৰাৰ লগতে ৯টা অট্টালিকা ভাঙি পেলোৱা হয় । ৯ খন চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৬ খন ব্যক্তিগত বাহন ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে ।

সমৰ্থকসকলে ২০০৮ চনৰ পৰা ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী জনাই আহিছে-

উল্লেখ্য যে ২০০৮ চনত সংসদীয় ঘোষণাৰ জৰিয়তে নেপালৰ ৰাজনৈতিক দলসমূহে ২৪০ বছৰীয়া ৰাজতন্ত্ৰ বিলুপ্ত কৰি হিন্দু ৰাষ্ট্ৰখনক ধৰ্মনিৰপেক্ষ, ফেডাৰেল, গণতান্ত্ৰিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰে । তেতিয়াৰ পৰাই ৰাজতন্ত্ৰবাদী সমৰ্থকসকলে ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰি আহিছে । প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰই গণতন্ত্ৰ দিৱসত (১৯ ফেব্ৰুৱাৰী) ভিডিঅ’ বাৰ্তাযোগে সমৰ্থনৰ বাবে আবেদন জনাইছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ