ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বাবে আজি (২৬ মাৰ্চ) বিশেষ দিন । আজি এই দুয়োটা দল মুখামুখি হ’ব । এই ছিজনত দুয়োটা দলৰ বাবে এইখন দ্বিতীয়খন মেচ । ইতিমধ্যে প্ৰথমখন খেলত পৰাস্ত হৈছে দুয়োটা দল ।
এনে পৰিস্থিতিত কলকাতা বা ৰাজস্থানৰ যিকোনো এটা দলে আজি তেওঁলোকৰ বিজয়ৰ একাউণ্ট খোলাটো নিশ্চিত । এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব । প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে ৰাজস্থান ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত ৪৪ ৰানত পৰাস্ত হয় ।
বেটিং আৰু বলিঙত দুৰ্বল দেখা গৈছিল দুয়োটা দলক-
এই দুয়োখন মেচতে নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থানৰ দলে বেটিং আৰু বলিং দুয়োটা বিভাগতে আগ্ৰাসী প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । সুনীল নাৰিনৰ বাহিৰে নাইট ৰাইডাৰ্ছৰ কোনো বলাৰেই আৰ চি বিৰ বেটছমেনক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল ।
এই মেচৰ পূৰ্বে ভাল ফৰ্মত থকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰাটো দলটোৰ বাবে চিন্তনীয় বিষয় । ইডেন গাৰ্ডেনছৰ খেলপথাৰত চক্ৰৱৰ্তীৰ বিৰুদ্ধে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে সহজে খেলিছিল । এইগৰাকী স্পীনাৰ গুৱাহাটীত পুনৰ ফৰ্মলৈ উভতি অহাত সফল হ’ব বুলি আশা কৰিছে নাইট ৰাইডাৰ্ছ দলে ।
পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা এনৰিক নৰ্টজেৰ ফিটনেছৰ ওপৰতো চকু ৰাখিব নাইট ৰাইডাৰ্ছে । যদিহে এইগৰাকী দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰক ফিট ঘোষণা কৰা হয় তেন্তে স্পেন্সাৰ জনছনৰ ঠাইত তেওঁক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ।
শেষৰখন মেচত অধিনায়ক অজিংক্য ৰাহানে আৰু নাৰিনক আউট কৰাৰ পাছত নাইট ৰাইডাৰ্ছৰ মিডল অৰ্ডাৰ ভাঙি পৰে । ভেংকটেশ আয়াৰ আৰু আন্দ্ৰে ৰাছেলে ভুল শ্বট খেলি আউট হয় । দল পৰিচালনাই এতিয়া তেওঁলোক নিজৰ শ্বট নিৰ্বাচনত সতৰ্ক হ’ব বুলি আশা কৰিছে ।
ইয়াৰ উপৰিও নাইট ৰাইডাৰ্ছে ৰিংকু সিঙৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব । এই গৰাকী বিস্ফোৰক বেটছমেনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শেষৰ পাঁচটা ইনিংছত মাত্ৰ ১১, ৯, ৮, ৩০, ৯ ৰানহে সংগ্ৰহ কৰিছিল । আনকি আই পি এলৰ প্ৰথমখন মেচতো তেওঁ মাত্ৰ ১২ ৰানহে কৰিবলৈ সক্ষম হয় ।
অতি দুৰ্বল ৰাজস্থানৰ বলিং প্ৰদৰ্শন-
যদি ৰাজস্থানৰ দলটোৱে প্ৰত্যাৱৰ্তন কৰিব লাগে, তেন্তে বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁলোকৰ মূল ফাষ্ট বলাৰ জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়াৰ বিপৰীতে ফজল হক ফাৰুকী আৰু মহেশ তীক্ষনায়ো বেটছমেনক ৰোধ কৰাত ব্যৰ্থ হয় ।
আটাইকেইজনে গুৱাহাটীত ফৰ্মলৈ উভতি অহাৰ সুযোগ পাব । ৰাজস্থানৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগকো পৰীক্ষা কৰা হ’ব কাৰণ প্ৰথমখন মেচত কিছু সিদ্ধান্ত লোৱাৰ সময়ত তেওঁক বিভ্ৰান্তিৰ অৱস্থাত দেখা গৈছিল ।