ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ‘চিকন্দৰ’ৰ নতুন পোষ্টাৰ মুকলি...

ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ‘চিকন্দৰ’ৰ নতুন পোষ্টাৰ মুকলি… প্ৰথমবাৰৰ বাবে সমগ্ৰ অভিনেতা-অভিনেত্ৰীৰ নাম প্ৰকাশ কৰিলে নিৰ্মাতাই

ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীসকলে তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ ট্ৰেইলাৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এ আৰ মুৰুগাডোছৰ পৰিচালিত ছবিখনৰ নিৰ্মাতাসকলে দেওবাৰে ট্ৰেইলাৰ মুক্তিৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে মুকলি কৰে নতুন পোষ্টাৰ । প্ৰথমবাৰৰ বাবে ছবিখনৰ পোষ্টাৰত দেখা গ’ল ‘চিকন্দৰ’ৰ সমগ্ৰ কাষ্ট । চিনেমাখনৰ নতুন

ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীসকলে তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ ট্ৰেইলাৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এ আৰ মুৰুগাডোছৰ পৰিচালিত ছবিখনৰ নিৰ্মাতাসকলে দেওবাৰে ট্ৰেইলাৰ মুক্তিৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে মুকলি কৰে নতুন পোষ্টাৰ । প্ৰথমবাৰৰ বাবে ছবিখনৰ পোষ্টাৰত দেখা গ’ল ‘চিকন্দৰ’ৰ সমগ্ৰ কাষ্ট ।

চিনেমাখনৰ নতুন পোষ্টাৰ-

নতুন পোষ্টাৰখনত ছলমান খান, ৰশ্মিকা মন্ধনা, প্ৰতীক বাব্বৰ, সত্যৰাজ, কাজল আগৰৱাল, অঞ্জিনী ধাৱন, শ্বাৰ্মান যোশীকে ধৰি জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক দেখা গৈছে । এইবাৰ পোষ্টাৰৰ জৰিয়তে সমগ্ৰ অভিনেতা-অভিনেত্ৰীক প্ৰকাশ কৰিছে মেকাৰে । নদিয়াদৱালা গ্ৰেণ্ডছনৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে এই অফিচিয়েল পোষ্টাৰ ।

আজি মুক্তি পাব ট্ৰেইলাৰ-

লগতে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ তথ্যও কেপচনত শ্বেয়াৰ কৰা হৈছে । কেপচনত লিখিছে, ‘এতিয়া মই মাত্ৰ পিছলৈ ঘূৰি যাবলৈ ভয় কৰিছো । মাত্ৰ কেইঘণ্টামান বাকী । আজি ২৩ মাৰ্চ দেওবাৰে বিয়লি ৪ বজাত মুম্বাইত এক বৃহৎ অনুষ্ঠানত বহু প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ৰ ট্ৰেইলাৰ মুকলি কৰা হ’ব ।

কেতিয়া মুক্তি পাব ছবিখনে-

ছলমান খান আৰু এ আৰ মুৰুগাডোছে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে ‘চিকন্দৰ’ৰ বাবে । ছলমানে পুনৰবাৰ তেওঁৰ ‘কিক’ পৰিচালক সাজিদ নাদিয়াদৱালাৰ সৈতে হাত মিলাইছে । ছলমানৰ সৈতে ৰশ্মিকাৰ এইখন প্ৰথমখন ছবি । ইয়াৰ শ্বুটিং হায়দৰাবাদ আৰু মুম্বাইত কৰা হৈছিল । অহা ৩০ মাৰ্চত ছবিগৃহত মুক্তি পাব ‘চিকন্দৰ’ ।

শেহতীয়া প্ৰৱন্ধসমূহ