জনপ্ৰিয়ভাৱে বিগ-বি নামেৰে পৰিচিত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সৰ্বাধিক কৰদাতা হিচাপে পৰিগণিত হৈছে । এই বিষয়ত তেওঁ আনকি শ্বাহৰুখ খান আৰু ছলমান খানকো অতিক্ৰম কৰিছে । তেওঁৰ এডভান্স টেক্সৰ শেষ কিস্তি ১৫ মাৰ্চত পৰিশোধ কৰিছিল, যিটো ৫২.৫০ কোটি টকা ।
বিগ বি-ৰ উপাৰ্জন ৩৫০ কোটি-
খবৰ অনুসৰি বিগ বি অমিতাভ বচ্চনে এই বিত্তীয় বৰ্ষত ৩৫০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰিছে আৰু এই আয়ৰ পৰিসংখ্যাৰ ওপৰত তেওঁৰ কৰ ১২০ কোটি টকা । এই এডভান্স টেক্সৰ ভিতৰত ৫২.৫০ কোটি টকাৰ শেষ কিস্তি ১৫ মাৰ্চত প্ৰদান কৰা হৈছিল । উল্লেখ্য যে চিনেমাৰ উপৰিও ৮১ বছৰীয়া অভিনেতা গৰাকীৰ উপাৰ্জনৰ উৎস বিজ্ঞাপন, কুইজ শ্ব’ কৌন বানেগা কড়োৰপতি আৰু বহু বিনিয়োগ । বিশেষকৈ অমিতাভ বচ্চনে ৰিয়েল এষ্টেটত বৃহৎ বিনিয়োগ কৰিছে আৰু তেওঁৰ মুম্বাইৰ পৰা অযোধ্যালৈকে সম্পত্তি আছে ।
শ্বাহৰুখতকৈ অধিক কৰ দিছে-
অমিতাভ বচ্চনে নতুন অভিলেখ গঢ়ি বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খানক অতিক্ৰমী ২০২৪-২৫ চনত ভাৰতৰ সৰ্বাধিক কৰ আদায় দিয়া চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছে । প্ৰতিবেদন অনুসৰি অমিতাভ বচ্চনে বিগত বিত্তীয় বৰ্ষত ৭১ কোটি টকাৰ কৰ আদায় দিছিল যদিও এইবাৰ তেওঁৰ কৰ দায়বদ্ধতা ৬৯% বৃদ্ধি পাইছে ।
বিগত বিত্তীয় বৰ্ষত শ্বাহৰুখ খানে ৯২ কোটি টকাৰ কৰ দি সৰ্ববৃহৎ কৰদাতা চেলিব্ৰিটি হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে প্ৰতিবেদন অনুসৰি এই বিত্তীয় বৰ্ষত তেওঁ ৮৪.১৭ কোটি টকাৰ অগ্ৰিম কৰ আদায় দিছে । ইয়াৰ উপৰিও চাউথ ছুপাৰষ্টাৰ থালাপথী বিজয়ে ৮০ কোটি আৰু ছলমান খানে ৭৫ কোটি টকা কৰ আদায় দিছে ।
অব্যাহত অমিতাভ বচ্চনৰ যাদু-
এই বয়সতো অমিতাভ বচ্চনৰ প্ৰভাৱ বলীউডত অক্ষত আছে । কৰ্মক্ষেত্ৰত তেওঁ প্ৰায় দুটা দশক ধৰি কৌন বানেগা কড়োৰপতি (কে বি চি)ক হোষ্ট কৰা দেখা গৈছে । শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল তামিল ছবি ‘ভেট্টাইয়ান’ত, য’ত তেওঁ ৰজনীকান্তৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল । সম্প্ৰতি অমিতাভ বচ্চনৰ হাতত আছে ৰিভু দাসগুপ্তৰ ‘ছেকচন ৮৪’, আনহাতে কল্কি ২৮৯৮ ইৰ ছিকুৱেলতো তেওঁক গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব ।