২৮৬ দিনৰ অন্তত পৃথিৱীলৈ উভতি আহিছে ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ । সুনীতা, উইলমোৰকে ধৰি আন দুগৰাকী মহাকাশচাৰীক লৈ অহা স্পেচক্ৰাফ্টখনে পুৱা ৩.২৭ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ সাগৰৰত অৱতৰণ কৰে । এই অভিযানৰ সফলতাৰ বাবে মাস্কক ধন্যবাদ জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাছাৰ ক্ৰু-৯ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ, বাটছ উইলমোৰ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ’ৰবুনভৰ উভতি অহাৰ বাবে অগ্ৰাধিকাৰ দিয়া বুলি হোৱাইট হাউছে মঙলবাৰে প্ৰকাশ কৰে ।
মহাকাশচাৰীসকলক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে-
হোৱাইট হাউছে লিখিছে যে “প্ৰতিশ্ৰুতি দিছিলো, প্ৰতিশ্ৰুতি পালন কৰিলো” । ৰাষ্ট্ৰপতি ট্ৰাম্পে ৯ মাহৰ বাবে মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল, আজি তেওঁলোক নিৰাপদে উভতি আহিল । ইয়াৰ বাবে ইলন মাস্ক, স্পেচএক্স আৰু নাছাক ধন্যবাদ !
একে সময়তে ইলন মাস্কে নাছা আৰু স্পেচএক্সৰ দলটোক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই অভিযানক অগ্ৰাধিকাৰ দিয়াৰ বাবে ট্ৰাম্পক ধন্যবাদ জনায় । ইলন মাস্কে লিখিছে, স্পেচএক্স আৰু নাছাৰ দলসমূহক আন এক সফল মহাকাশচাৰী উভতাই অনাৰ বাবে অভিনন্দন ! এই অভিযানক অগ্ৰাধিকাৰ দিয়াৰ বাবে ড’নাল্ড ট্ৰাম্পক ধন্যবাদ !
ন মাহৰ পিছত উভতনি-
উল্লেখ্য যে সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) ৯ মাহ ১৪ দিন আছিল । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিবলৈ সময় লাগিছিল ১৭ ঘণ্টা । স্পেচক্ৰাফ্টখন যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল তেতিয়া ইয়াৰ উষ্ণতা ১৬৫০ ডিগ্ৰী চেলছিয়াছতকৈও অধিক হৈছিল । এই সময়ছোৱাত প্ৰায় সাত মিনিটৰ বাবে মহাকাশচাৰীসকলৰ সৈতে যোগাযোগ নোহোৱা হৈ যায় ।
মহাকাশচাৰীসকলক কঢ়িয়াই অনা ড্ৰেগন কেপচুলটো পেৰাচুটেৰে সাগৰত অৱতৰণ কৰে । কেপচুলটো পানীত অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিটৰ পিছত সুৰক্ষা পৰীক্ষা সম্পূৰ্ণ কৰা হয় । ইয়াৰ পিছত কেপচুলটো খুলি দিয়া হয় । যাৰ ভিতৰৰ পৰা সুনীতা উইলিয়ামছ আৰু আন তিনিজন যাত্ৰীক ষ্ট্ৰেচাৰৰ সহায়ত উলিয়াই অনা হয় । বৰ্তমান তেওঁলোক চিকিৎসক আৰু বিশেষজ্ঞৰ তত্বাৱধানত আছে ।