মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰাখণ্ডৰ পৰা তিনিজন যুৱক । এই তিনিগৰাকীৰ বিৰুদ্ধে মণিপুৰৰ কেইবাজনো বিধায়কক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্তকেইজনে বিধায়কক মুখ্যমন্ত্ৰী বনোৱাৰ বিনিময়ত ৪ কোটি টকা দাবী কৰিছিল । মণিপুৰত যোৱা মাহত এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল, তাৰ পিছত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয় ।
ঘটনাটো কি ?
এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত ৰাজ্যখনৰ বহু বিধায়কলৈ ফোন আহিছিল য’ত ফোন কৰাজনে নিজকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ বুলি পৰিচয় দি কয় যে যদি তেওঁলোকে ৪ কোটি টকা দিয়ে তেন্তে তেওঁক মুখ্যমন্ত্ৰী বনাব পৰা যাব । এই সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ পোৱাত তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ অন্তত উত্তৰাখণ্ডৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তিনিওজনকে ইম্ফললৈ অনা হয় । অভিযুক্ত কেইটা উত্তৰ প্ৰদেশৰ নিধৌৰী কলনৰ বাসিন্দা উৱেইছ আহমেদ, দিল্লীৰ গাজীপুৰৰ বাসিন্দা গৌৰৱ নাথ আৰু প্ৰিয়ংশু পন্ট বুলি চিনাক্ত কৰা হৈছে ।
দুটা নিষিদ্ধ সংগঠনৰ ১০ জন সদস্যক গ্ৰেপ্তাৰ-
মণিপুৰৰ দুটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ১০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, নিষিদ্ধ সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টিৰ অস্থায়ী শিবিৰৰ পৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইম্ফল পশ্চিমৰ তেৰা উৰাক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰাহয় তেওঁলোকক । সন্দেহজনক লোককেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু মোবাইল ফোন উদ্ধাৰ কৰা হৈছে । ইম্ফল ইষ্টৰ খুৰাই চিংগাবাম অঞ্চলৰ পৰা এই সংগঠনৰ সৈতে জড়িত আৰু দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । মণিপুৰ আৰক্ষীয়ে নিষিদ্ধ সংস্থা প্ৰেপেকৰ সৈতে জড়িত এজন সন্দেহজনক লোককো গ্ৰেপ্তাৰ কৰিছে । মণিপুৰৰ কাকচিং আৰু বিষ্ণুপুৰ জিলাৰ লোকৰ পৰা ধন দাবীৰ লগত জড়িত আছিল সন্দেহযুক্ত লোক ।