ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে ভাৰতৰ বহু চহৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পৰিস্থিতি এনেকুৱা হৈছে যে ২০২৪ চনত ভাৰতৰ ১৩খন চহৰ বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে । এই দাবী ছুইজাৰলেণ্ডৰ এয়াৰ কোৱালিটি টেকনলজি কোম্পানী ‘আই কিউ এয়াৰ’ৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৪ত কৰা হৈছে । এই প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বৰ্ণিহাট আটাইতকৈ প্ৰদূষিত চহৰ । ইয়াৰ লগতে দিল্লী বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈয়েই আছে । ২০২৩ চনত ৩য় স্থানৰ তুলনাত ২০২৪ চনত ভাৰত বিশ্বৰ ৫ম প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে ।
প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত, ২০২৪ চনত পি এম ২.৫ (২.৫ মাইক্ৰনতকৈ সৰু প্ৰদূষণ কণা)ৰ ঘনত্ব ৭ শতাংশ হ্ৰাস পাইছে, যি ২০২৩ চনত প্ৰতি ঘন মিটাৰত ৫৪.৫ মাইক্ৰ’গ্ৰামৰ পৰা প্ৰতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ’গ্ৰামলৈ হ্ৰাস পাইছে । ইয়াৰ পিছতো দেশৰ ৩৫ শতাংশ চহৰত পি এম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামতকৈ ১০গুণ বেছি । দিল্লীত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে, য’ত ২০২৩ চনত বাৰ্ষিক গড় পি এম ২.৫ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ১০২.৪ মাইক্ৰ’গ্ৰামৰ পৰা ২০২৪ চনত প্ৰতি ঘনমিটাৰত ১০৮.৩ মাইক্ৰ’গ্ৰামলৈ বৃদ্ধি হৈছে ।
ভাৰতৰ প্ৰদূষিত চহৰৰ তালিকা-
ভাৰতৰ পৰা সৰ্বাধিক প্ৰদূষিত শীৰ্ষ ২০ খন চহৰৰ ভিতৰত বৰ্ণিহাট (মেঘালয়), দিল্লী, মুলনপুৰ (পাঞ্জাব), ফৰিদাবাদ, গুৰুগ্ৰাম (হাৰিয়ানা), লনী, নয়ডা, গ্ৰেটাৰ নয়ডা, মুজাফৰনগৰ (উত্তৰ প্ৰদেশ), গংগানগৰ, ভীৱাদী, আৰু হনুমানগড় (ৰাজস্থান) অন্যতম । বৰ্ণিহাটৰ উচ্চ মাত্ৰাৰ প্ৰদূষণৰ কাৰণ হৈছে স্থানীয় কাৰখানা, যেনে সুৰা উৎপাদন, লোহা আৰু তীখা উদ্যোগৰ পৰা নিৰ্গমন । চুবুৰীয়া দেশ পাকিস্তানৰ চাৰিখন চহৰ আৰু চীনৰ এখন চহৰো এই তালিকাত আছে ।
এই প্ৰতিবেদন ভাৰতৰ বাবে এক সতৰ্কবাণী যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে । বিশেষজ্ঞসকলৰ মতে ঔদ্যোগিক নিৰ্গমন, যান-বাহনৰ ধোঁৱাৰ দৰে উৎসৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ অবিহনে পৰিস্থিতি উন্নত কৰাটো কঠিন ।
বছৰটোৰ ভিতৰতে দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ-
দিল্লীৰ বায়ু প্ৰদূষণ সমগ্ৰ বছৰটো এক গুৰুতৰ সমস্যা হৈয়েই আছে, যিটো শীতকালত আৰু অধিক বিপদজনক হৈ পৰে । প্ৰতিকূল বতৰ, যান-বাহনৰ ধোঁৱা, ধানৰ নৰা জ্বলোৱা, ফটকা আৰু অন্যান্য স্থানীয় উৎসৰ ধোঁৱাই বায়ুৰ গুণাগুণৰ অৱনতি ঘটায় । বিশেষজ্ঞসকলে কয় যে পি এম ২.৫ কণা হাওঁফাওঁ আৰু ৰক্তবাহী নলীত প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদৰোগ আৰু কেন্সাৰ আদিৰ সৃষ্টি কৰিব পাৰে ।