মঙলবাৰে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বিচ্ছিন্নতাবাদী বেলুচ লিবাৰেশ্যন আৰ্মীয়ে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰা বুলি দাবী কৰে। এই ৰে’লখনত প্ৰায় ৫০০ জন লোক আছিল । এই অপহৰণ সন্দৰ্ভত পাকিস্তান চৰকাৰে এতিয়ালৈকে অতি কম তথ্য প্ৰকাশ কৰিছে যদিও বি এল এই দাবী কৰিছে যে তেওঁলোকে ২০০ৰো অধিক যাত্ৰীক পণবন্দী কৰি লৈছে, যাৰ অধিকাংশই পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ সদস্য । পণবন্দীসকলৰ ভিতৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লোকো আছে বুলিও দাবী কৰা হৈছে ।
কেনেকৈ হ’ল হাইজেক ?
তথ্য অনুসৰি ৯টা বগীত প্ৰায় ৫০০ যাত্ৰীক লৈ কুৱেটাৰ পৰা পেছাৱাৰলৈ গৈ আছিল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে পুৱা পাহাৰীয়া অঞ্চল গুডলাৰ আৰু পিৰু কুনৰিৰ সমীপৰ এটা সুৰংগত অস্ত্ৰধাৰীয়ে ৰেল ৰখাই দিয়ে । বেলুচ বিদ্ৰোহীয়ে ৮ নং সুৰংগত ৰেলপথ উৰুৱাই জাফাৰ এক্সপ্ৰেছত গুলীচালনা কৰাৰ ফলত ৰেলখন লাইনচ্যুত হয় । ১৭টা সুৰংগেৰে ভৰি থকা অঞ্চলটোৰ সুবিধা ল’লে বিদ্ৰোহীয়ে । গুলীচালনাত আহত হয় ৰেল চালকজন ।
নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পি।ছত ৰে’লখন দখল কৰে বিদ্ৰোহীয়ে । বেলুচিস্তানৰ ৰে’লৰ সৈতে সাধাৰণতে নিৰাপত্তা বাহিনী থাকে কাৰণ চহৰখনত সঘনাই বিচ্ছিন্নতাবাদীয়ে আক্ৰমণ কৰে ।
৩০ জন পাকিস্তানী জোৱানক হত্যা কৰাৰ দাবী-
বিদ্ৰোহীসকলে পাকিস্তানী সেনাৰ ৩০ জনতকৈ অধিক জোৱানক হত্যা কৰা বুলিও দাবী কৰি সেনাই সামৰিক অভিযান আৰম্ভ কৰিলে আৰু অধিক হত্যাকাণ্ড সংঘটিত হ’ব বুলি সকীয়াই দিয়ে ।
মজিদ ব্ৰিগেডৰ আক্ৰমণ-
পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বি এল এৰ মজিদ ব্ৰিগেডে এই আক্ৰমণ সংঘটিত কৰে । পণবন্দীসকলক মুকলি কৰি দিয়াৰ বিনিময়ত ৰাজনৈতিক বন্দী আৰু নিৰুদ্দেশ হোৱা লোকক মুকলি কৰি দিয়াৰ দাবী জনাই বি এল এৰ চৰ্ত পূৰণ নকৰিলে পৰিণামৰ বিষয়ে সকীয়াই দিয়া হৈছে ।
৪৮ ঘণ্টাৰ চৰম সীমা-
পাকিস্তান চৰকাৰক ৪৮ ঘণ্টীয়া চৰম সীমা দিছে বেলুচ লিবাৰেচন আৰ্মীয়ে । এই সময়ছোৱাত সকলো বেলুচ ৰাজনৈতিক বন্দী, বলপূৰ্বকভাৱে নিৰুদ্দেশ হোৱা ব্যক্তি আৰু কৰ্মীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে । বি এল এই সকীয়াই দিছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ নকৰিলে সকলো পণবন্দীক হত্যা কৰা হ’ব আৰু ৰে’লখন সম্পূৰ্ণৰূপে ধ্বংস হ’ব । তেওঁলোকৰ পক্ষৰ পৰা এয়া চূড়ান্ত ঘোষণা বুলিও স্পষ্ট কৰি দিছে বি এল এই ।
১৬ জন বিদ্ৰোহীক হত্যা কৰাৰ দাবী-
পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, এই প্ৰতিশোধমূলক আক্ৰমণত এতিয়ালৈকে ১৬ জন বিদ্ৰোহী নিহত হোৱাৰ লগতে ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে । বিচ্ছিন্নতাবাদীয়ে একাংশ যাত্ৰীক পাহাৰত লুকুৱাই ৰাখিছে বুলিও দাবী কৰা হৈছে ।
কি ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে-
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু অতি সোনকালে যাত্ৰীসকলক উদ্ধাৰ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে কঠিন ভূখণ্ডৰ মাজতো নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু তেওঁলোকে বিদ্ৰোহীৰ পৰিকল্পনা বিফল কৰি তুলিছে ।
বেলুচিস্তান লিবাৰেচন আৰ্মি কি-
বেলুচিস্তানৰ বহুতেই বিশ্বাস কৰে যে ভাৰত-পাকিস্তান বিভাজনৰ পিছত তেওঁলোকে স্বাধীন দেশ হিচাপে জীয়াই থাকিব বিচাৰিছিল । কিন্তু তেওঁলোকৰ সন্মতি অবিহনে ইয়াক পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল । বেলুচিস্তানত স্বাধীনতাৰ দাবীত বহু সংগঠন আছে যদিও বেলুচিস্তান লিবাৰেশ্যন আৰ্মী আটাইতকৈ শক্তিশালী সংগঠন । বি এল এৰ মতে বেলুচিস্তানৰ সম্পদৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে । এই ক্ষেত্ৰত তেওঁলোক চীন আৰু পাকিস্তানৰ হস্তক্ষেপৰ বিৰোধী ।