মাত্ৰ ৬ ঘণ্টাত নিৰ্মাণ কৰি ওলিয়ালে এটা ৰে’ল ষ্টেশ্যন…সৃষ্টি হ’ল বিশ্ব অভিলেখ, ক’ত ঘটিল এই আশ্চৰ্য ?

ৰাতি শেষৰখন ৰে’ল পাৰ হৈ যোৱাৰ সময়ত পুৰণি ষ্টেচন বিল্ডিংটো তেতিয়াও থিয় হৈ আছিল । ছয় ঘণ্টাৰ পাছত পিছদিনা পুৱা যেতিয়া প্ৰথমখন ৰে’ল আহিল, তেতিয়া ষ্টেচন বিল্ডিংটো সম্পূৰ্ণ নতুন যেন লাগিল । এই কৃতিত্ব জাপানত সম্পন্ন হৈছে । ইয়াত এটা পুৰণি কাঠৰ ষ্টেচন বিল্ডিঙৰ ঠাইত মাত্ৰ ছয় ঘণ্টাত নিৰ্মাণ কৰা হ’ল বিশ্বৰ প্ৰথমটো থ্ৰীডি (3D) প্ৰিণ্টেড ৰে’লৱে ষ্টেচন ।

নতুন ৰে’ল ষ্টেচন, যিটো দেখাত বাগিচাৰ চেড যেন লাগে । ওছাকাৰ দক্ষিণে থকা গ্ৰাম্য অঞ্চল এৰিডাত ইয়াক নিৰ্মাণ কৰা হৈছে । ইয়াত থ্ৰীডি প্ৰিণ্টেড মৰ্টাৰ মল্ড ব্যৱহাৰ কৰা হৈছে, যিবোৰ ট্ৰাকেৰে এছেম্বলিৰ বাবে অনা হৈছিল । সমগ্ৰ নিশাটো ক্ৰেনৰ সহায়ত নিৰ্মাণৰ কাম চলি থাকিল । শেষৰখন ৰে’ল যাত্ৰাৰ পৰা পিছদিনা পুৱা প্ৰথমখন ৰে’ল আহি পোৱালৈকে ষ্টেচন ভৱনটো সম্পূৰ্ণ হৈ উঠে ।

১০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে-

সম্পূৰ্ণ হোৱা গঠনটো ২.৬ মিটাৰ উচ্চতাৰ বুলি দ্য ইণ্ডিপেণ্ডেণ্টে প্ৰকাশ কৰিছে । ইয়াৰ আয়তন ১০০ বৰ্গফুট আৰু ইয়াক শক্তিশালী কংক্ৰিটৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে । বগা গঠনটো মেণ্ডেৰিন অৰেঞ্জ আৰু স্ক্যাবাৰ্ডফিছেৰে সজাই তোলা হৈছে – যি আৰিদাৰ কিছুমান বিশেষত্ব ।

মাত্ৰ ৬ ঘণ্টাতে নিৰ্মাণ কৰা হ’ল এটা থ্ৰীডি প্ৰিণ্টেড বিল্ডিং-

পশ্চিম জাপান ৰে’লৱে কোম্পানীয়ে জনোৱা মতে, যোৱা মাহত সম্পূৰ্ণ হোৱা এই ষ্টেচনটো বিশ্বৰ ভিতৰতে প্ৰথমটো ষ্টেচন । এৰিদা হৈছে স্থানীয় মাছ ধৰা বন্দৰ যিটো ইয়াৰ পৰ্বতমালাৰ বাবে পৰিচিত । কোৱা হয় যে বৃদ্ধাৱস্থা সমাজ আৰু গ্ৰাম্য পথত যাত্ৰী কম হোৱাৰ বাবে সংকুচিত হৈ অহা কৰ্মশক্তিৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ পৰম্পৰাগত পথটো সম্পূৰ্ণ হ’বলৈ দুমাহৰো অধিক সময় লাগিছিল আৰু ইয়াৰ ব্যয় দুগুণ বেছি ।

সম্পূৰ্ণ ভূমিকম্প প্ৰতিৰোধী গঠন-

এই প্ৰকল্পত পশ্চিম জাপান ৰেলৱেৰ সৈতে কাম কৰা জাপানী গৃহ নিৰ্মাণ প্ৰতিষ্ঠান চেৰেণ্ডিক্সে কয় যে নতুন গঠনটো চাল আৰু দেৱালকে ধৰি চাৰিটা অংশৰে গঠিত আৰু ই শক্তিশালী কংক্ৰিটৰ ঘৰৰ দৰেই ভূমিকম্প প্ৰতিৰোধী । ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, তথাপিও টিকট মেচিন আৰু কাৰ্ড ৰিডাৰৰ দৰে বস্তু স্থাপন কৰা হৈছে আৰু ২০২৫ চনৰ জুলাই মাহত ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে ।

সাধাৰণ ষ্টেচন বিল্ডিং নিৰ্মাণ কৰিবলৈ লাগে ২ মাহ সময়-

গাঁথনিটোৰ আভ্যন্তৰীণ কাম সম্পূৰ্ণ হৈ টিকট মেচিন স্থাপন কৰাৰ পিছত ৭৫ বছৰতকৈও অধিক সময় ধৰি ব্যৱহাৰ হৈ থকা কাঠৰ গঠনটো ভাঙি পেলোৱা হ’ব । মাৰ্চৰ শেষৰ ফালে যেতিয়া ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল, তেতিয়া ৰেলৱেৰ এজন বিষয়াই কৈছিল যে সাধাৰণতে এনে এটা ষ্টেচন বিল্ডিং নিৰ্মাণ কৰিবলৈ প্ৰায় দুমাহ সময় লাগে, গতিকে আমি অনুভৱ কৰিলোঁ যে গতিবেগ এটা ডাঙৰ সুবিধা ।

পাকিস্তানৰ ৰে’ল আক্ৰমণ : বি এল এই দিলে ৪৮ ঘণ্টাৰ চৰম সীমা; ৩০ জন জোৱান নিহত

মঙলবাৰে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বিচ্ছিন্নতাবাদী বেলুচ লিবাৰেশ্যন আৰ্মীয়ে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰা বুলি দাবী কৰে। এই ৰে’লখনত প্ৰায় ৫০০ জন লোক আছিল । এই অপহৰণ সন্দৰ্ভত পাকিস্তান চৰকাৰে এতিয়ালৈকে অতি কম তথ্য প্ৰকাশ কৰিছে যদিও বি এল এই দাবী কৰিছে যে তেওঁলোকে ২০০ৰো অধিক যাত্ৰীক পণবন্দী কৰি লৈছে, যাৰ অধিকাংশই পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ সদস্য । পণবন্দীসকলৰ ভিতৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লোকো আছে বুলিও দাবী কৰা হৈছে ।

কেনেকৈ হ’ল হাইজেক ?

তথ্য অনুসৰি ৯টা বগীত প্ৰায় ৫০০ যাত্ৰীক লৈ কুৱেটাৰ পৰা পেছাৱাৰলৈ গৈ আছিল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে পুৱা পাহাৰীয়া অঞ্চল গুডলাৰ আৰু পিৰু কুনৰিৰ সমীপৰ এটা সুৰংগত অস্ত্ৰধাৰীয়ে ৰেল ৰখাই দিয়ে । বেলুচ বিদ্ৰোহীয়ে ৮ নং সুৰংগত ৰেলপথ উৰুৱাই জাফাৰ এক্সপ্ৰেছত গুলীচালনা কৰাৰ ফলত ৰেলখন লাইনচ্যুত হয় । ১৭টা সুৰংগেৰে ভৰি থকা অঞ্চলটোৰ সুবিধা ল’লে বিদ্ৰোহীয়ে । গুলীচালনাত আহত হয় ৰেল চালকজন ।

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পি।ছত ৰে’লখন দখল কৰে বিদ্ৰোহীয়ে । বেলুচিস্তানৰ ৰে’লৰ সৈতে সাধাৰণতে নিৰাপত্তা বাহিনী থাকে কাৰণ চহৰখনত সঘনাই বিচ্ছিন্নতাবাদীয়ে আক্ৰমণ কৰে ।

৩০ জন পাকিস্তানী জোৱানক হত্যা কৰাৰ দাবী-

বিদ্ৰোহীসকলে পাকিস্তানী সেনাৰ ৩০ জনতকৈ অধিক জোৱানক হত্যা কৰা বুলিও দাবী কৰি সেনাই সামৰিক অভিযান আৰম্ভ কৰিলে আৰু অধিক হত্যাকাণ্ড সংঘটিত হ’ব বুলি সকীয়াই দিয়ে ।

মজিদ ব্ৰিগেডৰ আক্ৰমণ-

পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বি এল এৰ মজিদ ব্ৰিগেডে এই আক্ৰমণ সংঘটিত কৰে । পণবন্দীসকলক মুকলি কৰি দিয়াৰ বিনিময়ত ৰাজনৈতিক বন্দী আৰু নিৰুদ্দেশ হোৱা লোকক মুকলি কৰি দিয়াৰ দাবী জনাই বি এল এৰ চৰ্ত পূৰণ নকৰিলে পৰিণামৰ বিষয়ে সকীয়াই দিয়া হৈছে ।

৪৮ ঘণ্টাৰ চৰম সীমা-

পাকিস্তান চৰকাৰক ৪৮ ঘণ্টীয়া চৰম সীমা দিছে বেলুচ লিবাৰেচন আৰ্মীয়ে । এই সময়ছোৱাত সকলো বেলুচ ৰাজনৈতিক বন্দী, বলপূৰ্বকভাৱে নিৰুদ্দেশ হোৱা ব্যক্তি আৰু কৰ্মীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে । বি এল এই সকীয়াই দিছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ নকৰিলে সকলো পণবন্দীক হত্যা কৰা হ’ব আৰু ৰে’লখন সম্পূৰ্ণৰূপে ধ্বংস হ’ব । তেওঁলোকৰ পক্ষৰ পৰা এয়া চূড়ান্ত ঘোষণা বুলিও স্পষ্ট কৰি দিছে বি এল এই ।

১৬ জন বিদ্ৰোহীক হত্যা কৰাৰ দাবী-

পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, এই প্ৰতিশোধমূলক আক্ৰমণত এতিয়ালৈকে ১৬ জন বিদ্ৰোহী নিহত হোৱাৰ লগতে ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে । বিচ্ছিন্নতাবাদীয়ে একাংশ যাত্ৰীক পাহাৰত লুকুৱাই ৰাখিছে বুলিও দাবী কৰা হৈছে ।

কি ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে-

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু অতি সোনকালে যাত্ৰীসকলক উদ্ধাৰ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে কঠিন ভূখণ্ডৰ মাজতো নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু তেওঁলোকে বিদ্ৰোহীৰ পৰিকল্পনা বিফল কৰি তুলিছে ।

বেলুচিস্তান লিবাৰেচন আৰ্মি কি-

বেলুচিস্তানৰ বহুতেই বিশ্বাস কৰে যে ভাৰত-পাকিস্তান বিভাজনৰ পিছত তেওঁলোকে স্বাধীন দেশ হিচাপে জীয়াই থাকিব বিচাৰিছিল । কিন্তু তেওঁলোকৰ সন্মতি অবিহনে ইয়াক পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল । বেলুচিস্তানত স্বাধীনতাৰ দাবীত বহু সংগঠন আছে যদিও বেলুচিস্তান লিবাৰেশ্যন আৰ্মী আটাইতকৈ শক্তিশালী সংগঠন । বি এল এৰ মতে বেলুচিস্তানৰ সম্পদৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে । এই ক্ষেত্ৰত তেওঁলোক চীন আৰু পাকিস্তানৰ হস্তক্ষেপৰ বিৰোধী ।