ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অমৰ হৈ পৰিছে ২০২৫ চনৰ ৯ মাৰ্চৰ দিনটো । এই দিনটোতে টিম ইণ্ডিয়াই নিউজীলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । ভাৰতক জয়ৰ সোৱাদ প্ৰদান কৰা ৰবীন্দ্ৰ জাডেজাৰ চাৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈছে । কিন্তু এই মুহূৰ্তত আটাইতকৈ বেছি চৰ্চিত কথাটো হ’ল ভাৰতীয় দলটোক দিয়া বগা কোট (হোৱাইট ব্লেজাৰ) । ইয়াত জানি লওক চেম্পিয়নছ ট্ৰফী বিজয়ীক কিয় বগা কোট দিয়া হয় আৰু ইয়াৰ তাৎপৰ্য কি ?
টিম ইণ্ডিয়াই কিয় লাভ কৰিলে হোৱাইট ব্লেজাৰ ?
যদিও ১৯৯৮ চনত চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হৈছিল, তথাপি বিজয়ী দলটোক বগা ব্লেজাৰ দিয়াৰ পৰম্পৰা ২০০৯ চনৰ পৰা আৰম্ভ হৈছিল । বগা কোটৰ আঁৰৰ কথা পোহৰলৈ আহিছে আই চি চিৰ অফিচিয়েল ৱেবছাইটত । আই চি চিৰ তথ্য অনুসৰি বগা কোটটো ‘বেজ অৱ অনাৰ’ হিচাপে দিয়া হয় । সহজ ভাষাত ক’বলৈ গ’লে বগা কোটটো হ’ল বিজয়ী দলটোৰ প্ৰতি সন্মান, দৃঢ়তা আৰু মহানতা প্ৰদৰ্শন কৰা । ই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰতীকো । হোৱাইট ব্লেজাৰ লাভ কৰাটোৱে বিজয়ী দলটোৱে ট্ৰফী জয় কৰিবলৈ যি উদ্যম ৰাখিছিল সেই কথাও প্ৰতিফলিত কৰে ।
প্ৰথম কোনে লাভ কৰিছিল হোৱাইট ব্লেজাৰ ?
চেম্পিয়নছ ট্ৰফী বিজয়ীক বগা ব্লেজাৰেৰে বঁটা দিয়াৰ পৰম্পৰা আৰম্ভ হৈছিল ২০০৯ চনৰ পৰা । ২০০৯ চনৰ এই প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল যদিও অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । ফাইনেলত ৰিকি পণ্টিঙৰ অধিনায়কত্বত অষ্ট্ৰেলিয়ান দলটোৱে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । সন্মানৰ চিন স্বৰূপে বগা কোট দিয়া প্ৰথমটো দল আছিল অষ্ট্ৰেলিয়া । উল্লেখ্য যে এই কোটটো ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী বিজয়ী ভাৰতকো দিয়া হৈছিল আৰু ২০১৭ চনত পাকিস্তানকো সন্মানৰ চিন স্বৰূপে বগা ব্লেজাৰ দিয়া হৈছিল ।