বিৰোধী সাংসদে নিক্ষেপ কৰিলে ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড

সংসদত বিশৃংখলতা! বিৰোধী সাংসদে নিক্ষেপ কৰিলে ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড

ইউৰোপীয় দেশ ছাৰ্বিয়াৰ সংসদত বিৰোধী দলৰ সাংসদে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে । বিৰোধী দলৰ সাংসদসকলে সংসদত ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি সংসদীয় অধিৱেশনত বিশৃংখলতাৰ সৃষ্টি কৰে । লগতে সংসদত কাজিয়া হোৱাও পৰিলক্ষিত হ’ল । সংসদীয় অধিৱেশনৰ লাইভ টেলিভিছন

ইউৰোপীয় দেশ ছাৰ্বিয়াৰ সংসদত বিৰোধী দলৰ সাংসদে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে । বিৰোধী দলৰ সাংসদসকলে সংসদত ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি সংসদীয় অধিৱেশনত বিশৃংখলতাৰ সৃষ্টি কৰে । লগতে সংসদত কাজিয়া হোৱাও পৰিলক্ষিত হ’ল ।

সংসদীয় অধিৱেশনৰ লাইভ টেলিভিছন সম্প্ৰচাৰত দেখা গৈছে যে চৰকাৰী নীতিৰ প্ৰতিবাদত মঙলবাৰে সংসদৰ ভিতৰত স্মক গ্ৰেনেড আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ছাৰ্বিয়াৰ বিৰোধী সাংসদসকলে । ইয়াৰ পিছত সমগ্ৰ সংসদতে ক’লা-গোলাপী ধোঁৱা বিয়পি পৰে । বিৰোধী দলৰ সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক সমৰ্থন আগবঢ়াইছিল ।

কি বিষয়ত ক্ষুব্ধ বিৰোধীয়ে সংসদত হুলস্থুলৰ সৃষ্টি কৰিলে ?

চাৰি মাহ পূৰ্বে ছাৰ্বিয়াত ৰেল ষ্টেচনৰ ভাঙি ১৫ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয় যি এতিয়া চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে ।

বিধানসভাৰ অধিবেশনত ছাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃত্বত শাসকীয় মিত্ৰজোঁটে অধিৱেশনৰ কাৰ্যসূচীত অনুমোদন জনায় আৰু তাৰ পিছত বিৰোধী দলৰ একাংশ নেতাই নিজৰ আসনৰ পৰা উঠি সংসদৰ অধ্যক্ষৰ ফালে দৌৰি যায় । ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়া দেখা গৈছিল ।

একে সময়তে একাংশ বিৰোধী সাংসদে স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে । লাইভ সম্প্ৰচাৰত সংসদ ভৱনৰ ভিতৰত ক’লা আৰু গোলাপী ৰঙৰ ধোঁৱা ওলোৱা দেখা গৈছিল ।

মঙলবাৰে ছাৰ্বিয়াৰ সংসদে দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ বাবে ধন বৃদ্ধি কৰা আইন প্ৰণয়ন কৰিবলগীয়া আছিল । ডিচেম্বৰৰ পৰা ছাৰ্বিয়াত ছাত্ৰ-ছাত্ৰীসকলে এই আইনখনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

দেশৰ প্ৰধানমন্ত্ৰী মিলছ ৱুচেভিচৰ পদত্যাগ সন্দৰ্ভতো সংসদত আলোচনা হ’বলগীয়া আছিল যদিও শাসকীয় মিত্ৰজোঁটে এনে বহু বিষয় অধিৱেশনৰ কাৰ্যসূচীত স্থান দিছিল, যাৰ ফলত বিৰোধী দলক বেয়াকৈ ক্ষুব্ধ হৈ পৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ