ইজৰাইলে ফিলিস্তিনি বন্দীসকলৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰিছে। এই বন্দীসকলক শনিবাৰে হামাচৰ সৈতে হোৱা চুক্তিৰ অধীনত মুকলি কৰাৰ কথা আছিল।বন্দীসকলৰ মুক্তিত পলম হোৱাৰ ফলত যুদ্ধবিৰতি চুক্তিৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ ছাঁ পৰিছে।
ইজৰাইলে কৈছে যে শ শ ফিলিস্তিনি বন্দীক তেতিয়ালৈকে মুকলি কৰি নিদিয়ে যেতিয়া লৈকে গাজাত বন্দী হৈ থকা বন্দীসকলক তেওঁলোকৰ মুক্তি নিশ্চিত কৰা নহয়।
ইজৰাইলে আৰু কয় যে হামাসৰ বন্দীসকলৰ অপমানজনক হস্তান্তৰ বন্ধ কৰক ।দেশৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এই বিবৃতি জাৰি কৰিছিল যেতিয়া বন্দীসকলক কঢ়িয়াই অনা বাহনখন ‘অফাৰ কাৰাগাৰৰ’ মূল গেটৰ পৰা ওলাই আহি ভিতৰলৈ উভতি গৈছিল।
হামাছে শনিবাৰে ছয়জন ইজৰাইলী বন্দীক মুকলি কৰি দিছিল। তাৰ ঠিক পিছতে, ৬২০ জন ফিলিস্তিনি বন্দীক মুক্তি দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে সেয়া হোৱা নাই।
শনিবাৰে মুকলি কৰা ছয়জন বন্দীৰ ভিতৰত পাঁচজনক মুখাপিন্ধা সন্ত্ৰাসবাদীজনৰ সন্মুখত মঞ্চলৈ অনা হৈছিল, যাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল।
যি ধৰণে বন্দীসকলক হস্তান্তৰ কৰা হৈছিল তাক ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সংগঠনে গৰিহণা দিছে।এই পদ্ধতিটোক ‘ৰেড ক্ৰছ’ আৰু ইজৰাইলে নিষ্ঠুৰ আৰু অপমানজনক বুলি গৰিহণা দিছে।
বন্দীসকলৰ মুক্তিত পলম হোৱাৰ ঘোষণাই যুদ্ধবিৰতি চুক্তিৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি কৰিছে।
হামাছে মুকলি কৰা ছয়জন বন্দীৰ ভিতৰত তিনিজন ইজৰাইলী লোক। যাক ২০২৩ চনৰ ৭ অক্টোবৰত নোভা সংগীত উৎসৱৰ সময়ত হামাছৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছতেই বন্দী কৰা হৈছিল।
এই আক্ৰমণৰ পিছত, ইজৰাইলে গাজা ষ্ট্ৰিপত হামাসৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। মুক্তি প্ৰাপ্ত দুজন বন্দীক হামাছে প্ৰায় এক দশক ধৰি বন্দী কৰি ৰাখিছিল।