কাৰাগাৰলৈ USTM ৰ  স্বত্ত্বাধিকাৰী মহবুবুল হক ; নিশা ১২ বজাত আদালতৰ ৰায়দান

জে’ললৈ প্ৰেৰণ কৰা হ’ল USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ স্বত্ত্বাধিকাৰীগৰাকীক। মহবুবুল হকৰ হৈ প্ৰায় ১৪ গৰাকীকৈ অধিবক্তাই যুক্তি দৰ্শাই জামিন আবেদন কৰিছিল। কিন্তু তাৰ পিছটো সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে মহবুবুল হকৰ জামিন আবেদন।একে গোচৰতে পাথাৰকান্দি চেন্ট্ৰেল পাব্লিক স্কুলৰ আন ৫

জে’ললৈ প্ৰেৰণ কৰা হ’ল USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ স্বত্ত্বাধিকাৰীগৰাকীক। মহবুবুল হকৰ হৈ প্ৰায় ১৪ গৰাকীকৈ অধিবক্তাই যুক্তি দৰ্শাই জামিন আবেদন কৰিছিল।

কিন্তু তাৰ পিছটো সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে মহবুবুল হকৰ জামিন আবেদন।একে গোচৰতে পাথাৰকান্দি চেন্ট্ৰেল পাব্লিক স্কুলৰ আন ৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীকো শ্ৰীভূমি জিলা কাৰাগাৰৰৈ প্ৰেৰণ কৰা হৈছে।

প্ৰথমে মহবুবুল হকক তেওঁৰ বাসগৃহৰ পৰা আটক কৰি পাণবজাৰ থানালৈ নিয়া হৈছিল। আৰু তাৰ পিছত পাণবজাৰ থানাৰ পৰাই মহবুবুল হকক লৈ যোৱা হৈছিল শ্ৰীভূমি থানালৈ।

শ্ৰীভূমি আৰক্ষীয়ে শনিবাৰে জেৰা চলাই সন্ধিয়া ৬ বজাত শ্ৰীভূমিৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত প্ৰেৰন কৰি ৭ দিনৰ জিম্মা বিচাৰিছিল।

কিন্তু অৱশেষত আদালতে আৰক্ষী জিম্মা আৰু জামিন আবেদন খাৰিজ কৰি নিশা ১২.৩০ বজাত মহবুবুল হক সহ ৬ গৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।জানিব পৰা মতে মহবুবুল হকক জে’লৰ ভিতৰতে জেৰা চলাব পাৰিব আৰক্ষীয়ে।   

শেহতীয়া প্ৰৱন্ধসমূহ