বিপদ আঁতৰা নাই মহবুবুল হকৰ;  ১১ মাৰ্চ পৰ্যন্ত থাকিব লাগিব কাৰাগাৰত

দিনে দিনে যেন বিপদ বৃদ্ধি হৈছে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। এতিয়া ১১ মাৰ্চলৈকে কাৰাগাৰতে থাকিব লাগিব মহবুবুল হক। আজি পাথাৰকান্দি থানাৰ এটা গোচৰত আছিল শুনানি।

পিছে দীৰ্ঘ সময় ধৰি গোচৰটোৰ শুনানি হয় যদিও সম্পূৰ্ণ নহ’ল গোচৰটো । যাৰ ফলত আদালতৰ পৰা আজি মহবুবুল হকে নাপালে কোনো সকাহ ।

পাথাৰকান্দি থানাৰ এটা গোচৰত জামিন লাভ কৰিলে যদিও এতিয়াও আন এটা গোচৰত জামিন পাবলৈ বাকী আছে মহবুবুলে। জানিব পৰা মতে গোচৰটো পুনৰ ১১ মাৰ্চত হ’ব শুনানি।  

মহবুবুল হকলৈ ন্যায়ালয়ৰ সকাহ; মঞ্জুৰ কৰিলে জামিন

জামিন মঞ্জুৰ হল USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মহবুবুল হকৰ জামিন মঞ্জুৰ কৰে। পাথাৰাকান্দি থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিলে মহবুবুল হকে।

২টাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক ইয়াৰে এটা গোচৰত জামিন পালে মহবুবুল হকে। আনটো গোচৰৰ শুনানি হ’ব মঙলবাৰে। মহবুবুল হকৰ গ্ৰেপ্তাৰ অবৈধ বুলি যুক্তি দৰ্শাইছিল তেওঁৰ অধিবক্তাই।

যদিও এটা গোচৰত মহবুবুল হকে জামিন পালে কিন্তু আনটো গোচৰৰ শুনানি নোহোৱা পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব তেওঁ। কাইলৈ আদালতে শুনানিত কি ৰায় দিয়ে তাৰে বাবে অপেক্ষা কৰিছে সকলোৱে।

দিছপুৰ থানাত মহবুবুল হক; মহানগৰ আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই কৰিব জেৰা

সময় যোৱাৰ লগে লগে যেন এতিয়া বিপদ বাঢ়িছে USTMৰ আচাৰ্য মহবুবুল হকৰ।এইবাৰ শ্ৰীভুমি কাৰাগাৰৰ পৰা দিছপুৰ থানালৈ অনা হ’ল মহবুবুল হকক।

USTMৰ আচাৰ্য মহবুবুল হকক ২১ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল শ্ৰীভুমি থানাই। মহবুবুল হকৰ সৈতে দিছপুৰ থানালৈ অনা হৈছে এজন শিক্ষক।

শিক্ষক গৰাকীৰ নাম নুমান আহমেদ। দিছপুৰ থানাত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ জেৰা চলাব মহবুবুল হকক। ১১বজাত দিছপুৰ থানাত উপস্থিত হৈছে মেহবুবুল হক। একে গোচৰতে নুমান আহমেদক কৰা হৈছিল গ্ৰেপ্তাৰ।

আজি দিছপুৰ থানাত ৰাখি শীৰ্ষ আৰক্ষী বিষয়াই চলাব জেৰা। আৰক্ষীৰ এটা দল তদন্তৰ খাটিৰত USTMলৈ যোৱাৰো সম্ভাৱনা আছে। উল্লেখ্য যে টকাৰ বিনিময়ত শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মেহবুবুল হক।

কাৰাগাৰলৈ USTM ৰ  স্বত্ত্বাধিকাৰী মহবুবুল হক ; নিশা ১২ বজাত আদালতৰ ৰায়দান

জে’ললৈ প্ৰেৰণ কৰা হ’ল USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ স্বত্ত্বাধিকাৰীগৰাকীক। মহবুবুল হকৰ হৈ প্ৰায় ১৪ গৰাকীকৈ অধিবক্তাই যুক্তি দৰ্শাই জামিন আবেদন কৰিছিল।

কিন্তু তাৰ পিছটো সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে মহবুবুল হকৰ জামিন আবেদন।একে গোচৰতে পাথাৰকান্দি চেন্ট্ৰেল পাব্লিক স্কুলৰ আন ৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীকো শ্ৰীভূমি জিলা কাৰাগাৰৰৈ প্ৰেৰণ কৰা হৈছে।

প্ৰথমে মহবুবুল হকক তেওঁৰ বাসগৃহৰ পৰা আটক কৰি পাণবজাৰ থানালৈ নিয়া হৈছিল। আৰু তাৰ পিছত পাণবজাৰ থানাৰ পৰাই মহবুবুল হকক লৈ যোৱা হৈছিল শ্ৰীভূমি থানালৈ।

শ্ৰীভূমি আৰক্ষীয়ে শনিবাৰে জেৰা চলাই সন্ধিয়া ৬ বজাত শ্ৰীভূমিৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত প্ৰেৰন কৰি ৭ দিনৰ জিম্মা বিচাৰিছিল।

কিন্তু অৱশেষত আদালতে আৰক্ষী জিম্মা আৰু জামিন আবেদন খাৰিজ কৰি নিশা ১২.৩০ বজাত মহবুবুল হক সহ ৬ গৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।জানিব পৰা মতে মহবুবুল হকক জে’লৰ ভিতৰতে জেৰা চলাব পাৰিব আৰক্ষীয়ে।