“তেওঁ ৰাছিয়াৰ ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰিছে”; প্ৰথমবাৰৰ বাবে ট্ৰাম্পৰ বিষয়ে মুখ খুলিলে জেলেনস্কিয়ে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে প্ৰথমবাৰৰ বাবে ট্ৰাম্পৰ কথা উল্লেখ কৰি ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিবৃতি দিছে। জেলেনস্কিয়ে বুধবাৰে কৈছিল যে ৰাছিয়াই ট্ৰাম্পক ভুল তথ্য প্ৰদান কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ দ্বাৰা প্ৰদান কৰা ‘মিছা তথ্য’ৰ ওপৰত নিৰ্ভৰ কৰি আছে। ইউক্ৰেইনৰ নেতাজনৰ জনপ্ৰিয়তা

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে প্ৰথমবাৰৰ বাবে ট্ৰাম্পৰ কথা উল্লেখ কৰি ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিবৃতি দিছে।

জেলেনস্কিয়ে বুধবাৰে কৈছিল যে ৰাছিয়াই ট্ৰাম্পক ভুল তথ্য প্ৰদান কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ দ্বাৰা প্ৰদান কৰা ‘মিছা তথ্য’ৰ ওপৰত নিৰ্ভৰ কৰি আছে।

ইউক্ৰেইনৰ নেতাজনৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি ট্ৰাম্পৰ মন্তব্যৰ পিছত জেলেনস্কিৰ মন্তব্য আহিছিল। ট্ৰাম্পে কৈছিল যে জেলেনস্কিৰ অনুমোদনৰ ৰেটিং ৪ শতাংশ।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত এখন সংবাদমেলৰ সময়ত এক প্ৰশ্নৰ উত্তৰত জেলেনস্কিয়ে কয়, “আমি এই ভুল তথ্য দেখিছো। আমি বুজি পাওঁ যে এইটো ৰাছিয়াৰ দ্বাৰা বিয়পি পৰিছিল’’।

আমেৰিকান ৰাষ্ট্ৰপতিৰ মন্তব্যত যথেষ্ট অসন্তুষ্ট জেলেনস্কি। তেওঁ কৈছিল যে ট্ৰাম্পে “এই ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আছে।”ট্ৰাম্পে এইটোও পৰামৰ্শ দিছিল যে ইউক্ৰেইনৰ সংবিধান অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

যিবোৰ যুদ্ধ আৰু সামৰিক আইন জাৰি কৰাৰ বাবে পিছুৱাই দিয়া হৈছিল। জেলেনস্কিৰ এই মন্তব্য এনে এটা সময়ত আহিছিল যেতিয়া তেওঁ ইউক্ৰেইন আৰু ৰাছিয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ দূত কিথ কেলগৰ সৈতে কিয়েভত সাক্ষাৎ কৰিবলৈ সাজু হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ