চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ চূড়ান্ত দলটো ঘোষণা কৰা হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যশপ্ৰীত বুমৰাহৰ ফিটনেছ ৰিপ’ৰ্টলৈ অপেক্ষা কৰি আছিল যদিও তেওঁ সময়মতে ফিট হ’ব নোৱাৰিলে । ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলা একেখিনি খেলুৱৈৰ অধিকাংশই চেম্পিয়নছ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । জানেনে টিম ইণ্ডিয়াত বেটিঙৰ পৰা বলিঙলৈ, কিমানজন স্পীন আৰু ফাষ্ট বলাৰক স্থান দিয়া হৈছে ?
চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ সদস্যৰ ভাৰতীয় দল চূড়ান্ত-
ভাৰতীয় দলটোৰ অধিনায়ক হ’ব ৰোহিত শৰ্মা, আনহাতে শেহতীয়াকৈ শুভমন গীলক এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে । ৰোহিত আৰু গীলক অপেনিঙত দেখা পোৱাৰ সম্ভাৱনা আছে যদিও শেহতীয়াকৈ এদিনীয়াত অভিষেক ঘটোৱা যশস্বী জয়ছোৱালে দলত স্থান লাভ কৰা নাই ৷ তেওঁলোকৰ উপৰিও বেটিঙৰ দায়িত্ব বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্টৰ কান্ধত থাকিব । উল্লেখ্য যে ঋষভ পন্টক বেক আপ উইকেটকীপাৰ হিচাপে দেখা গৈছে, এনে পৰিস্থিতিত কে এল ৰাহুল চেম্পিয়নছ ট্ৰফীৰ বাবে উইকেটকীপিঙৰ বাবে প্ৰথম পছন্দ হৈ থাকিব পাৰে ।
বেটিং লাইন আপ-
ৰোহিত শৰ্মা, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল(উইকেটকীপাৰ), ঋষভ পন্ট(উইকেটকীপাৰ)
ভাৰতীয় দলত অলৰাউণ্ডাৰ খেলুৱৈক যথেষ্ট গুৰুত্ব দিয়া হৈছে । ১৫ জনীয়া দলটোত এজন বা দুজন নহয় চাৰিজন অল ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে । বেটিঙৰ লগতে ফাষ্ট বলিঙৰ ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই অৰিহণা যোগাব, আনহাতে অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰে স্পীন বলিঙৰ লগতে বেটিঙৰ ক্ষেত্ৰতো অৱদান যোগাব ।
যদি ভাৰতৰ বলিং আক্ৰমণ বিভাগলৈ চোৱা যায় তেন্তে বি চি চি আইয়ে দলত মাত্ৰ ৩ জন মূল বেগী বলাৰক স্থান দিছে । চেম্পিয়নছ ট্ৰফীত ভাৰতৰ আটাইতকৈ অভিজ্ঞ বেগী বলাৰ হ’ব মহম্মদ ছামী, তেওঁক সহায় কৰিব অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাই । একে সময়তে কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়েও স্পীন বলিংত অৰিহণা যোগাব ।
বহু বলিং বিকল্প :
মহম্মদ ছামী, অৰ্শদীপ সিং, হৰ্ষিত ৰানা, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ ।
চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল-
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্ট, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ ছামী, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী ।