কলকাতাৰ নিউ টাউন এলেকাত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাজপথৰ মাজতে হাতত চুৰি লৈ এজন ব্যক্তিয়ে কৰিলে হাহাকাৰ।
জানিব পৰা মতে বৃহস্পতিবাৰে দুপৰিয়া প্ৰায় ১২ মান বজাত কলকাতাৰ নিউ টাউনৰ ক্ৰাফ্ট বিল্ডিংৰ সন্মুখত এজন লোকক হাতত চুৰি লৈ ঘূৰি ফুৰা দেখা গৈছিল।
তেওঁক দেখি কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী বিষয়াজনে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। ব্যস্ত ৰাস্তাৰ মাজত খঙাল ব্যক্তিগৰাকীয়ে তেজ লাগি থকা এখন চুৰি লৈ আছিল।
পৰিস্থিতিৰ গম্ভীৰতা অনুভৱ কৰি ট্ৰেফিক পুলিচে ব্যক্তিগৰাকীক বাৰে বাৰে চুৰিখন পেলাই দিবলৈ আহ্বান জনাইছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিজনৰ পৰিচয় অমিত কুমাৰ সৰকাৰ বুলি জানিব পৰা গৈছে।তেওঁ পশ্চিম বংগ চৰকাৰৰ এটা বিভাগত কাম কৰে।
জানিব পৰা মতে ব্যক্তি গৰাকীয়ে কাৰ্যালয়ত ছুটিৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁ ছুটি পোৱা নাছিল।কিন্তু ব্যক্তিগৰাকীক ছুটিৰ বিশেষ আৱশ্যক আছিল।
কিন্তু ছুটি অস্বীকাৰ কৰাৰ পিছত, চৰকাৰী কৰ্মচাৰীজনে কাৰ্যালয়ত উপস্থিত থকা তেওঁৰ সহকৰ্মীসকলৰ সৈতে তৰ্কত লিপ্ত হয়।
তাৰ পিছত খঙত ব্যক্তিগৰাকীয়ে তেওঁৰ এগৰাকী সহকৰ্মীসকলক চুৰিৰে আক্ৰমণ কৰিছিল।এই আক্ৰমণৰ ফলস্বৰূপে, কেইবাজনো লোক আহত হয়। পিছত আৰক্ষীয়ে ব্যক্তি গৰাকীক ৰাজপথৰ পৰাই আটক কৰে।