চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ; অনুমতি অবিহনে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট
চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এতিয়াৰে পৰা কৰ্তৃপক্ষৰ অনুমতি অবিহনে নিজৰ নামত বা ছদ্মনামেৰে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ দিয়া নহ’ব ।
চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সন্দৰ্ভত পাটনাৰ নীতিশ কুমাৰ চৰকাৰে এক বৃহৎ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে । ২৯ জানুৱাৰীত কেবিনেট ব্রিফিঙৰ সময়ত শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি ৰাজেন্দ্রই বিহাৰ চৰকাৰী সেৱক আচৰণ সংশোধনী নিয়ম ২০২৬ সম্পর্কে বিতং তথ্য প্রদান কৰে ৷ ছ’চিয়েল মিডিয়া আৰু ইনষ্টেণ্ট মেছেজিং এপৰ অপব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সংশোধনী প্ৰয়োজনীয় বুলিও তেওঁ কয় ।
ড০ ৰাজেন্দ্ৰই কয় যে পূৰ্বৰ নিয়মত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টেলিগ্ৰামৰ দৰে প্লেটফৰ্মৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হোৱা নাছিল যদিও ইয়াৰ অপব্যৱহাৰক অসৎ আচৰণ বুলি গণ্য কৰা হৈছে । শেহতীয়া গোচৰলৈ লক্ষ্য ৰাখি চৰকাৰে ছ’চিয়েল মিডিয়াত চৰকাৰী কৰ্মচাৰীৰ আচৰণ সন্দৰ্ভত স্পষ্ট আৰু কঠোৰ নিয়ম স্থাপন কৰিছে ।
ছ’চিয়েল মিডিয়াক লৈ কঠোৰ নীতিশ চৰকাৰ-
নতুন নিয়ম অনুসৰি কোনো চৰকাৰী সেৱকক কৰ্তৃপক্ষৰ অনুমতি অবিহনে নিজৰ নামত বা ছদ্মনামেৰে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ দিয়া নহ’ব । ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্টৰ বাবে চৰকাৰী ইমেইল ঠিকনা বা মোবাইল নম্বৰ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব । ছ’চিয়েল মিডিয়াত এনে কোনো পোষ্ট দিব নোৱাৰিব যিয়ে পদৰ মৰ্যাদা হ্ৰাস কৰে বা চৰকাৰৰ সুনামৰ ক্ষতি কৰে ।
চৰকাৰী কৰ্মচাৰীয়ে অশ্লীল, উত্তেজক বা ভুৱা বিষয়বস্তু পোষ্ট কৰিব নোৱাৰিব । লগতে বেনামী একাউণ্ট চলোৱা নিষিদ্ধ কৰা হ’ব । চৰকাৰী নীতি, আঁচনি আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰত ব্যক্তিগত মতামত প্ৰকাশ কৰা নিষিদ্ধ কৰা হ’ব । ছ’চিয়েল মিডিয়াত কোনো স্পৰ্শকাতৰ বা গোপনীয় তথ্য শ্বেয়াৰ কৰাৰ অনুমতি দিয়া নহ’ব ।
কৰ্মক্ষেত্ৰৰ অনুষ্ঠান বা সভাৰ ভিডিঅ’, ৰিল, বা লাইভষ্ট্ৰীমিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে । অভিযোগ, আদেশ, প্ৰতিবেদন, বা আবেদনৰ সৈতে জড়িত নথি-পত্ৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটোও নিষিদ্ধ কৰা হ’ব । চৰকাৰী চাকৰিয়ালসকলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব । জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰা মন্তব্যও নিষিদ্ধ হ’ব ।
লগতে পঢ়ক : ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ
