বাংলাদেশে বৃহস্পতিবাৰে (০৬ ফেব্ৰুৱাৰী, ২০২৫) ঢাকাত ভাৰতীয় উচ্চায়ুক্তত আনুষ্ঠানিকভাৱে প্ৰতিবাদ দাখিল কৰিছে । বাংলাদেশৰ জনসাধাৰণৰ আৱেগক আঘাত কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বক্তব্যক লৈ গভীৰ উদ্বেগ, হতাশা আৰু গুৰুতৰ আপত্তি প্ৰকাশ কৰা হৈছে বুলি বিদেশ উপদেষ্টাগৰাকীয়ে কয় ।
বাংলাদেশৰ ইংৰাজী ৱেবছাইট দ্য ডেইলী ষ্টাৰৰ মতে, বৈদেশিক উপদেষ্টা তৌহিদ হুছেইনে আজি মন্ত্ৰালয়ত সংবাদ মাধ্যমৰ আগত কয় যে শ্বেখ হাছিনাই ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মঞ্চত ধাৰাবাহিকভাৱে দিয়া মিছা আৰু মনে সজা মন্তব্য আৰু বক্তব্যক লৈ তেওঁৰ মন্ত্ৰালয়ে ভাৰতৰ ওচৰত প্ৰতিবাদ দাখিল কৰিছে । এনে বক্তব্যই বাংলাদেশত অস্থিৰতাক প্ৰসাৰিত কৰিছে বুলিও তেওঁ কয় ।
‘এই ধৰণৰ কাৰ্যকলাপ দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ভাল নহয়’
ঢাকাত ভাৰতৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত পৱন বাধেৰ হাতত অৰ্পণ কৰা প্ৰতিবাদী পত্ৰৰ জৰিয়তে মন্ত্ৰালয়ে বাংলাদেশৰ গভীৰ উদ্বেগ, হতাশা আৰু গুৰুতৰ আপত্তি প্ৰকাশ কৰে । বাংলাদেশে কয় যে “এনে বক্তব্যই বাংলাদেশৰ জনসাধাৰণৰ আৱেগক আঘাত দিছে ।” এনে কাৰ্যক বাংলাদেশৰ প্ৰতি শত্ৰুতাপূৰ্ণ কাৰ্য বুলি গণ্য কৰা হয় আৰু দুয়োখন দেশৰ মাজত সুস্থ সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টাৰ বাবে অনুকূল নহয় বুলিও মন্ত্ৰালয়ে জোৰ দিয়ে ।
বাংলাদেশে ভাৰতক এই অনুৰোধ কৰিছিল-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰত চৰকাৰক পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ ভাৱনাৰে তাৎক্ষণিক ভাৱে উপযুক্ত পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছিল, যাতে তেওঁ ভাৰতত থকা সময়ত, তেওঁক সামাজিক মাধ্যম আৰু অন্যান্য যোগাযোগ মাধ্যম ব্যৱহাৰ কৰি এনে মিছা, মনেসজা আৰু উত্তেজনামূলক মন্তব্য দিয়াত বাধা দিব পাৰি ।
শ্বেখ হাছিনাই কি কৈছিল ?
শ্বেখ হাছিনাই ভাৰতত কৈছিল, “বাংলাদেশত আৰম্ভ কৰা আন্দোলনৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য হৈছে মোক হত্যা কৰা ।” তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মুহাম্মাদ ইউনুছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ইউনুছে শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ।