বাংলাদেশত পুনৰ এবাৰ হিংসাৰ জুই জ্বলি উঠিছে । বুধবাৰে সন্ধিয়া প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মৃতিসৌধত আক্ৰমণ কৰি চূৰ্ণ-বিচূৰ্ণ কৰে আৰু অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত কৰে । বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে এটা গাঁথনি ধ্বংস কৰিব পাৰি কিন্তু ইতিহাস ধ্বংস কৰিব নোৱাৰে । শ্বেখ হাছিনাই কয় যে বাংলাদেশত তেওঁৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলন আচলতে তেওঁক হত্যা কৰিবলৈহে হৈছে ।
ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত লাইভত দলীয় কৰ্মীসকলক সম্বোধন কৰি শ্বেখ হাছিনাই কয় যে মই বাংলাদেশৰ জনসাধাৰণৰ পৰা ন্যায় বিচাৰো । মই মোৰ দেশৰ বাবে একো কৰা নাই নেকি ? তেন্তে ইমান অপমান কিয় ? মোৰ ভগ্নী আৰু মোৰ সৈতে সংযুক্ত থকা একমাত্ৰ স্মৃতিটোও মচি পেলোৱা হৈছে । এটা গাঁথনি ধ্বংস কৰিব পাৰি, কিন্তু ইতিহাস মচি পেলাব নোৱাৰি । কেৱল এয়াই নহয়, ইতিহাসে যে প্ৰতিশোধ লয় সেই কথাও মনত ৰখা উচিত বুলি তেওঁ সকীয়াই দিয়ে ।
বুলডজাৰেৰে ইতিহাস মচিব নোৱাৰিব- শ্বেখ হাছিনা
অনলাইন ভাষণত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে তেওঁলোকৰ হাতত এতিয়াও জাতীয় পতাকা, সংবিধান আৰু লাখ লাখ শ্বহীদৰ প্ৰাণৰ বিনিময়ত আমি যি স্বাধীনতা লাভ কৰিছো, সেই স্বাধীনতাক বুলডজাৰেৰে ধ্বংস কৰাৰ শক্তি নাই । ঘৰ ভাঙিব পাৰে, কিন্তু ইতিহাস নহয় । তেওঁলোকেও মনত ৰখা উচিত যে ইতিহাসে প্ৰতিশোধ লয় । বুলডজাৰেৰে ইতিহাস মচিব নোৱাৰি ।
শ্বেখ হাছিনাৰ ভাষণৰ বিৰুদ্ধে প্ৰতিবাদ-
২০২৪ চনত বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লোৱা শ্বেখ হাছিনাই সমৰ্থকসকলৰ আগত ভাষণ দিবলৈ সাজু হোৱাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । তেওঁৰ শাসনকালত মতানৈক্য দমন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বহু প্ৰতিবাদকাৰীয়ে বিশ্বাস কৰিছিল যে তেওঁৰ ভাষণে তেওঁৰ আৱামি লীগ ৰাজনৈতিক দলৰ এমাহজোৰা প্ৰতিবাদী অভিযান আৰম্ভ কৰাৰ সংকেত দিব । হাছিনাই ভাষণ আগবঢ়াই নিলে অট্টালিকাটো ধ্বংস কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।